পূৰবী বৰমুদৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

পূৰবী বৰমুদৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

 




W7s News, ষ্টাফৰিপোৰ্টাৰ:  "মাতৃৰ মুখত যেতিয়ালৈকে নিচুকনি গীত থাকিব, তেতিয়ালৈকে অসমীয়া ভাষা-সাহিত্য থাকিব।" বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত কবিতা অধ্যয়ন গোটে বৃহস্পতিবাৰে বিয়লি আয়োজন কৰা পূৰবী বৰমুদৈ স্মাৰক প্ৰথম বক্তৃতাটো প্ৰদান কৰি বিশিষ্ট লেখক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে এইদৰে কয়। 'অসমীয়া সাহিত্যৰ প্ৰৱহমান ধাৰাত সংবাদপত্ৰ আৰু আলোচনীৰ ভূমিকা' শীৰ্ষক বক্তৃতাটোত শৰ্মা পূজাৰীয়ে লগতে কয়, "বৰ্তমানৰ বৈদ্যুতিন মাধ্যমত অসমীয়া সাহিত্য এলাগি হৈ ৰৈছে। ছপা মাধ্যমে শিক্ষিতসকলৰ বাবে কাম কৰি আছে। বৈদ্যুতিন মাধ্যমে শিক্ষিত আৰু নিৰক্ষৰ সকলোৰে বাবে কাম কৰিছে। কেইখনমান আলোচনীৰ বাহিৰে সাহিত্যৰ গুণমান ক'ত পাব সেই সম্পৰ্কে পাঠক আজি বিভ্ৰান্ত।" ইয়াৰ আগতে বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰি প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াই পূৰবী বৰমুদৈৰ সাহিত্যকৃতিৰ বিষয়ে আলোকপাত কৰে। কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক প্ৰকল্প ৰঞ্জন ভাগৱতীৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অাভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক ড° কল্যাণ ভূঞাই। গুগল মীট মাধ্যমত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে পূৰবী বৰমুদৈৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্জ্বলন কৰে বৰমুদৈৰ পু্ত্ৰ অৰ্ণৱ বৰমুদৈ আৰু বোৱাৰী প্ৰতীতি বৰ্মনে। অনুষ্ঠানৰ শেষত পূৰবী বৰমুদৈৰ স্বামী, বিশিষ্ট লেখক ড° আনন্দ বৰমুদৈয়ে শলাগৰ শৰাই আগবঢ়ায়।অনুষ্ঠানটিত ড° পৰমানন্দ মহন্ত, ড° অপৰ্ণা মহন্ত, ড° এম কামালুদ্দিন আহমেদকে ধৰি ৰাজ্যৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here