'মানৱ দেহৰ অংগৰ অবৈধ বেহাক আৰু মানৱ অধিকাৰ ভংগৰ ঘটনাকলৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান প্রদেশ কংগ্ৰেছৰ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 15 July 2021

demo-image

'মানৱ দেহৰ অংগৰ অবৈধ বেহাক আৰু মানৱ অধিকাৰ ভংগৰ ঘটনাকলৈ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান প্রদেশ কংগ্ৰেছৰ

Responsive Ads Here
IMG-20210715-WA0031





' এই ঘটনাৰ

 চি বি আই আৰু ন্যায়িক তদন্ত দাবী 



W7s News, ষ্টাফৰিপোৰ্টাৰ : 

মানৱ দেহৰ অংগৰ অবৈধ বেহাক আৰু মানৱ অধিকাৰ ভংগৰ ঘটনাকলৈ 

ৰাজ্যপাল অধ্যপক জগদীশ মুখীক স্মাৰক পত্ৰ প্ৰদান কৰে প্রদেশ কংগ্ৰেছে। 

বৃহস্পতিবাৰে বিয়লি ৪ বজাত প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত সাংসদ,বিধায়ক তথা জ্যেষ্ঠ নেতাৰে গঠিত কংগ্ৰেছ দলৰ এটি প্ৰতিনিধি দলে ৰাজভৱনলৈ গৈ  ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে আৰু শেহতীয়াভাৱে চৰ্চাত থকা কিডনীৰ বেহা,আৰক্ষীৰ এনকাউণ্টাৰ আদিক লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাম্প্ৰতিক সময়ত ৰাজ্যত মানৱ দেহৰ অংগৰ  বেহা, ড্ৰাগছৰ অবাধ বেহা, আৰক্ষীৰ এনকাউন্টাৰ তথা মানৱ অধিকাৰ ভংগৰ আদি বিভিন্ন বিষয় সম্পৰ্কে ৰাজ্যপাল জগদীশ মুখীক সবিশেষ জনায়। তেওঁ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ নেতৃত্বত আৰক্ষীৰ এনকাউন্টাৰ জৰিয়তে মানৱ অধিকাৰ ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰে।

এই আলোচনাৰ জৰিয়তে এখন স্মাৰক পত্ৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক প্ৰদান কৰে।

এই স্মাৰক পত্ৰৰ জৰিয়তে মানৱ অংগৰ বেহা আৰু আৰক্ষীৰ এনকাউন্টাৰ নামত হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাৰ

 চি বি আই আৰু ন্যায়িক তদন্ত দাবী কৰে।

আনহাতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ বাবে প্রদেশ

কংগ্ৰেছৰ নেতৃবৃন্দক আশ্বাস দিয়ে। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, ভূপেন বেজ, ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছ কমিটীৰ

সম্পাদক তথা মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাস আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *