শিল্পী ঋষিৰাজ শৰ্মা চিকিৎসাধীন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

শিল্পী ঋষিৰাজ শৰ্মা চিকিৎসাধীন

 


 চিকিৎসা সাহাৰ্যৰ আৱেদন-

ইলোৰা বিজ্ঞান মঞ্চৰ

 




W7s News, ষ্টাফৰিপোৰ্টাৰ:  গণশিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু যশস্বী কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ সুযোগ্য সন্তান তথা সংগীত শিল্পী ঋষিৰাজ শৰ্মা বৰ্তমান বৃক্কৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। চিকিৎসকৰ মতে শিল্পীগৰাকীৰ বৃক্ক বিকল হৈছে আৰু তেওঁৰ সোনকালেই বৃক্ক সংৰোপণ  কৰা প্ৰয়োজন। 

 বৃক্ক সংৰোপণ এক জটিল আৰু ব্যয়বহুল চিকিৎসাৰ শিল্পীজনক এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন। তেওঁৰ বৃক্ক সংৰোপণ তথা আনুসংগিক চিকিৎসাৰ বাবে প্ৰায় ৩৫ লাখ টকাৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে। আনহাতে

ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে জড়িত শিল্পীজনৰ পৰিয়ালটো। মঞ্চৰ তৰফৰ পৰা ঋষিৰাজ শৰ্মাৰ সাহায্য তথা চিকিৎসা ব্যয়ৰ বাবে পুঁজি সংগ্ৰহৰ আহ্বান জনাইছে। লগতে শিল্পীজনৰ চিকিৎসাৰ দায়িত্ব বহন কৰাৰ বাবে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। এই সম্পৰ্কে ইলোৰা বিজ্ঞান মঞ্চৰ

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ

সভাপতি ডঃ চন্দ্ৰমোহন শৰ্মা আৰু সাধাৰণ সম্পাদক

কমলেশ গুপ্তই কয় ' আমি শিল্পীজনক সহায় কৰিবলৈ ইলোৰা বিজ্ঞান মঞ্চৰ সভ্য-সমৰ্থক-শুভাকাংক্ষীসকলৰ লগতে সংস্কৃতিপ্ৰেমী ৰাইজৰ প্ৰতি বিনম্ৰ গোহাৰি জনাইছোঁ। মঞ্চৰ জৰিয়তে সংগৃহীত সমস্ত ধন দাতাৰ তালিকাসহ ঋষিৰাজ শৰ্মাৰ  পৰিয়ালৰ হাতত যথাসময়ত অৰ্পণ কৰা হ'ব। স্বচ্ছতা ৰক্ষা কৰি সংগৃহীত ধন আৰু দাতাৰ তালিকা ৰাজহুৱা কৰিবলৈ আমি দায়বদ্ধ।

আগ্ৰহী দাতাসকলে তলত উল্লেখ কৰা বেংক একাউণ্টৰ জৰিয়তে সাহায্য আগবঢ়াব পাৰিব : বেংকৰ প্ৰয়োজনীয় তথ্য :


ইলোৰা বিজ্ঞান মঞ্চ

একাউণ্ট নম্বৰ

৩০০০৬১৬৩৫৭৯


বেংক আৰু শাখাৰ নাম

এছ বি আই, চেনিকুঠী শাখা

গুৱাহাটী-৭৮১০০৩ 


আই এফ এছ কোড:

এছ বি আই এন ০০০৭৯৭৬




[ বেংকৰ জৰিয়তে ধন জমা দিলে অনুগ্ৰহ কৰি দাতাৰ নাম/ঠিকনা/ধনৰ পৰিমাণ আদি ফোন অথবা ৱাটছ এপ  মেছেজ কৰি সাধাৰণ সম্পাদক কমলেশ গুপ্ত (৯৪৩৫৫-৫০২০৭), কোষাধ্যক্ষ ডঃ বাসুদেৱ দাস (৯৪৩৫১-০৫৭৮৪) জনাবলৈ অনুৰোধ কৰিলোঁ ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here