নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য সৰ্বেশ্বৰ হাজৰিকাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 July 2021

নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য সৰ্বেশ্বৰ হাজৰিকাৰ মৃত্যু

 






W7s News,ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ আৰ. জি. বৰুৱা পথৰ নিগাজি পামৰ প্ৰথম বাসিন্দা আৰু  সামাজিক - সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ অন্যতম প্ৰতিস্থাপক সদস্য সৰ্বেশ্বৰ হাজৰিকা (ভুনু) শুকুৰবাৰে দুপৰীয়া মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।   মৃত্যুৰ সময়ত  তেওঁ সহধৰ্ম্মিণী অমিয়া হাজৰিকা, দুজন পুত্ৰ, বোৱাৰীৰ লগতে বহু আত্মীয়স্বজন এৰি যায়৷ 

ভাৰতীয় তেল নিগম লিগমৰ গুৱাহাটী তেল শোধানাগাৰত চাকৰিৰ পাতনি মেলি ১৯৬৮ চনত কোৱেইট নেচনেল পেট্ৰোলিয়াম কোম্পানীত যোগদান কৰে আৰু তাত সূদীৰ্ঘ ২৫বছৰ কাল কাৰ্য্যনিৰ্বাহ কৰি তাৰ পৰাই অবসৰ গ্ৰহণ কৰে৷ কিতাপ পঢ়ি অতি ভালপোৱা হাজৰিকাই বিভিন্ন দেশ ভ্ৰমণৰ অভিজ্ঞতা অৰ্জন কৰাৰ লগতে  ফুটবল, ক্ৰিকেটৰ অনুৰাগী আছিল৷ 

তেওঁ নিউ আৰ্ট প্লেয়াৰ্ছৰ লগতে নিগাজীপাম উন্নয়ন সমিতি, ভাৰত বিকাশ পৰিষদ, বিবেকানন্দ কেন্দ্ৰ আদি কেইবাটাও সামাজিক সাংস্কৃতিক অনুস্থানৰ সৈতে জড়িত আছিল৷ নিউ আৰ্ট প্লেয়াৰ্ছৰ সদস্য সকলে তেওঁৰ মৃ্ত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু তেওঁ বিগত ৬৭ বছৰে এই অনুষ্ঠানটোলৈ আগবঢ়োৱা বৰঙনিৰ কথা শ্ৰদ্ধাৰে সোৱৰে৷ সদস্য সকলে তেওঁৰ নশ্বৰ দেহত পূষ্পাৰ্ঘৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায় আৰু বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here