৫ নম্বৰ দফা বাতিল কৰিবলৈ বাধ্য হ'ল চৰকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 July 2021

৫ নম্বৰ দফা বাতিল কৰিবলৈ বাধ্য হ'ল চৰকাৰ



শৈক্ষিক সমাজৰ ঐক্যবদ্ধ প্ৰতিবাদৰ ফল-এছ এফ আই



'


W7s News, নিউজ ডেস্ক: চাকৰিৰ ক্ষেত্ৰত নতুন মূল্যাংকন পদ্ধতিৰ জৰিয়তে পোৱা নম্বৰ প্ৰযোজ্য নহ'ব বুলি গ্ৰহণ কৰা ত্ৰুটিপূৰ্ণ অৱস্থানক সমৰ্থন কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভ্ৰান্তিমূলক কথাৰ আশ্ৰয় লৈছিল । চি বি এছ ই-ৰ একেধৰণৰ মূল্যাংকন ব্যৱস্থা সকলোক্ষেত্ৰতে গ্ৰহণযোগ্য বুলি উচ্চতম ন্যায়ালয়লে ৰায়দান কৰাৰ পাছতো শিক্ষামন্ত্ৰীয়ে অবাবত আইনগত বাধ্যবাধকতাৰ দোহাই দি নিজৰ স্থিতিত অটল থাকিব বিচাৰিছিল । অৱশেষত ছাত্ৰ, শিক্ষক, শিক্ষাবিদ আৰু অভিভাৱকৰ ঐক্যবদ্ধ প্ৰতিবাদত সেও মানি চৰকাৰে মূল্যাংকন পদ্ধতি সম্পৰ্কীয় নিৰ্দেশৰ ৫ নম্বৰ দফা খৰিজ কৰিবলৈ ৰাজ্য বাধ্য হ'ল। ভাৰতৰ ছাত্ৰ ফেডাৰেচন(এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে ছাত্ৰ আৰু শৈক্ষিক সমাজৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে। এই সম্পৰ্কে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক

নিৰংকুশ নাথে কয় ' চৰকাৰে

 নিজৰ অকোৰগোজ স্থিতিক ন্যায্যতা প্ৰদানৰ উদ্দেশ্যে শিক্ষকৰ চাকৰিৰ বাবে পৰৱৰ্তী সময়ত এক বিশেষ পৰীক্ষা আয়োজন কৰাৰ সম্ভাৱনা থকাৰ কথা চৰকাৰে উল্লেখ কৰি থৈছে। এইয়া সলঠেকত পৰি পলায়ন কৰাৰ ৰাস্তা মুকলি কৰি ৰখাৰ দৰে। এই সমগ্ৰ ঘটনাই ৰাজ্য চৰকাৰৰ অপৰিকল্পিত পদক্ষেপ আৰু আকোঁৰগোজ স্থিতিক উন্মোচন কৰিছে।  তদুপৰি কেৱল নিৰ্দিষ্ট কেইটামান ছাত্ৰ সংগঠনকলৈ আলোচনা কৰাৰ বাবে বহু দিশ উপেক্ষিত হৈ ৰ'ল । উদাহৰণ স্বৰূপে যোৱাবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এইবাৰ পুনৰ কোনো বিষয়ত অৱতীৰ্ণ হোৱাসকলৰ বাবে সৃষ্টি কৰাৰ ফৰ্মূলা উন্নত কৰাৰ থল আছিল । ৰাজ্য চৰকাৰৰ এনেবোৰ অদূৰ্দৰী কাণ্ডই আগন্তুক সময়ত ছেবা আৰু উচ্চতৰ মাধ্যমিক সংসদৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনীহা সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এছ এফ আইৰ সূচিন্তিত মত যে ছেবা আৰু মাধ্যমিক সংসদত ধাৰাবাহিক মূল্যাংকন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শিক্ষাৰ লগত জড়িত সকলোকে লৈ দুয়োখন বৰ্ডক উন্নত কৰাৰ বাবে এক আশাশুধীয়া প্ৰচেষ্টা অনতিপলমে আৰম্ভ কৰা উচিত।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here