পৰীক্ষাৰ ফলাফলকলৈ সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী এছ এফ আইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

পৰীক্ষাৰ ফলাফলকলৈ সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী এছ এফ আইৰ

 





W7s News,ষ্টাফৰিপোৰ্টাৰ : 

পৰীক্ষাৰ ফলাফলকলৈ সংঘটিত দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে।এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ 

সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক

নিৰংকুশ নাথে কয় ' 

শেহতীয়াকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলকলৈ দুৰ্নীতিৰ অৱতাৰণা তথা ধনৰ আদান-প্ৰদান হোৱাৰ বাতৰিত প্ৰকাশ পাইছে। একাংশ লোকক আটক কৰাও হৈছে । ইতিমধ্যে দুয়োটা পৰীক্ষাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী যথেষ্ট মানসিক চাপত আছে ।সেয়ে শিক্ষাৰ্থীসকলৰ ভৱিষ্যত শৈক্ষিক জীৱন ক্ষতিগ্ৰস্ত নোহোৱাৰ লগতেই যাতে পৰীক্ষাৰ ফলাফল নিকাভাৱে ঘোষিত হয়,এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা তথা সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আমি অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। নিযুক্তি বন্ধ কৰাৰ সলনি খালি পদসমূহ পূৰণ কৰক।  ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক, আৰু অন্যান্য কৰ্মচাৰীৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ আৰু ইতিমধ্যে প্ৰকাশিত বিজ্ঞাপনৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ মহাবিদ্যালয়সমূহক জৰুৰী নিৰ্দেশ প্ৰদান কৰিছে।এই নিৰ্দেশাৱলীয়ে ইতিমধ্যে এই পদসমূহৰ বাবে আৱেদন কৰা তথা সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলৈ অপেক্ষা কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত হতাশাৰ সৃষ্টি কৰাৰ লগতেই সামাগ্ৰিকভাৱে ৰাজ্যৰ শৈক্ষিক ব্যৱস্থাটোৰ ওপৰত কুঠাৰঘাত কৰিছে।যিসযয়ত ইতিমধ্যে  চলিত বিধানসভাত তথ্য প্ৰকাশ পাইছে যে ৰাজ্যখনৰ শিক্ষা বিভাগত মুঠ ৫০৪৬৫পদ খালি আছে আৰু বাজেট ভাষণত উল্লেখ কৰা হৈছে যে ২৮১৬২ পদ পূৰণ কৰাৰ বাবে ব্যবস্থা কৰা হ'ব।সেই সময়তেই মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ কৰাৰ নিৰ্দেশ এক স্ববিৰোধী স্থিতি। এনে সিদ্ধান্তই স্বাভাৱিকতে  দুহেজাৰ-তিনিহাজাৰ মাচুলৰে মহাবিদ্যালয়ৰ বিভিন্ন পদৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলক এনে নিৰ্দেশনাই নিৰাশগ্ৰস্থ কৰিছে।মহাবিদ্যালয়সমূহৰ সকলো নিযুক্তি বন্ধ কৰিবলৈ দিয়া নিৰ্দেশাৱলীৰ ক্ষেত্ৰত কোনোধৰণৰ কাৰণো দৰ্শোৱা হোৱা নাই।ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত বহু সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে।

যাৰবাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰতো এক হেঙাৰ সৃষ্টি হৈছে। তেনেসময়তেই এনেধৰণৰ নিৰ্দেশাৱলী অদূৰদূৰ্শী আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত বাধাস্বৰূপ ।

ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে এই বিবেকহীন আৰু ৰাজ্যৰ শৈক্ষিক ব্যৱস্থাৰ পৰিপন্থী নিৰ্দেশাৱলী বাতিল কৰাৰ বাবে দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here