মহাবিদ্যালয়ৰ খালি পদৰ নিযুক্তি বন্ধৰ প্ৰতিবাদ-নিখিল ভাৰত ছাত্ৰ সন্থা,অসম ৰাজ্যিক কমিটিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

মহাবিদ্যালয়ৰ খালি পদৰ নিযুক্তি বন্ধৰ প্ৰতিবাদ-নিখিল ভাৰত ছাত্ৰ সন্থা,অসম ৰাজ্যিক কমিটিৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ :ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে সহকাৰী অধ্যাপক, অধ্যক্ষ, গ্ৰন্থাগাৰিক আৰু অন্যান্য পদসমূহৰ নিযুক্তি বন্ধ ৰাখিবলৈ  মহাবিদ্যালয় সমূহৰ অধ্যক্ষলৈ যি নিৰ্দেশ প্ৰেৰণ কৰিছে সেই কথাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা)ৰ  অসম ৰাজ্যিক কমিটীয়ে। কমিটিয়ে অনতিপলমে এই নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ  দাবী জনাইছে। এই সম্পৰ্কে  সংগঠনটোৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয়  'যি সময়ত মহাবিদ্যালয়সমূহৰ খালি পদসমূহ পূৰণ নকৰাৰ বাবে শৈক্ষিক আৰু প্ৰশাসনিক দিশত দীৰ্ঘদিন ধৰি আহুকালৰ সৃষ্টি হৈছে সেইসময়ত এনে নিৰ্দেশ সুস্থ শৈক্ষিক পৰিবেশ আৰু অধিকাৰৰ পৰিপন্থী। প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১ লাখ চৰকাৰী চাকৰি দিম বুলি ঢোল বজাই আছে আনহাতে নিযুক্তি বন্ধ কৰিছে। সেয়ে আমি ভাবিবলৈ বাধ্য হৈছো শেষত এক লাখ নিযুক্তিৰ কথা বতৰাও প্ৰহসনত পৰিণত হ'ব।  উচ্চ শিক্ষানুস্থানৰ নিযুক্তি বন্ধৰ আঁৰত উচ্চ শিক্ষাৰ ব্যক্তিগত কৰণৰ ষড়যন্ত্ৰ নিহিত আছে। নতুন শিক্ষা নীতি ৰূপায়ণৰ নামত এই কাম বিজেপি চৰকাৰে কৰিবলৈ ওলাইছে।  চৰকাৰৰ এনে নিৰ্দেশে উচ্চ শিক্ষিত নিবনুৱা সকলক যথেষ্ট শংকিত কৰি তুলিছে। সেয়ে ই চৰকাৰৰ সংস্থাপন বিৰোধী নীতিক প্ৰতিফলিত কৰিছে। 

সংগঠনটোৰ নেতৃবৃন্দই লগতে কয় যে, ইতিমধ্যে অসম এখন বৃহৎ ধৰুৱা  ৰাজ্য ৰূপে পৰিগণিত হৈছে।২০১৬ চনত বিজেপি চৰকাৰ অহাৰ আগলৈ অসম চৰকাৰৰ ধাৰ আছিল ৩৫৬৯০.২২ কৌটি। ২০২১ চনত সেই ধাৰৰ পৰিমাণ হ'লগৈ ৭৯৭৫১.৫০ কৌটি টকা। অৰ্থাৎ বিগত ৫ বছৰত অসম চৰকাৰৰ ধাৰৰ পৰিমাণ ৪৪,০৬১.২৮ কৌটি টকা বাঢ়িল। বিগত ৫ বছৰত অসম চৰকাৰে সৰ্বাধিক ১৫১৫৫ কৌটি টকা সূত প্ৰদান কৰিছে। গতিকে কেৱল কথাৰ ফুলজাৰিৰে চৰকাৰ চলোৱা বিজেপি চৰকাৰ চৰম বিত্তীয় নাটনিৰ সন্মুখীন হৈছে। এই বিত্তীয় নাটনিৰ পৰিস্থিতিত মাইক্ৰোফাইনেন্সৰ ঋণ মাফ  কৰি দিম বুলি মহিলাসকলক প্ৰতাৰণা কৰাৰ দৰে ১ লাখ চাকৰিৰ ক্ষেত্ৰতো প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকল আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ শেহতীয়া এই জাননী খনে এই ইংগিতেই বহন কৰিছে। চৰকাৰৰ কাম কাজে আমাক পতিয়ন নিয়াইছে যে চৰকাৰখন যুৱক যুৱতীসকলক শিক্ষা আৰু সংস্থাপনৰ অধিকাৰ প্ৰদান কৰিবলৈ আগ্ৰহী নহয়।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here