গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনলাইন নাট কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনলাইন নাট কৰ্মশালা

 



W7s News ষ্টাফৰিপোৰ্টাৰ : 

গুৱাহাটী বিশ্ববিদ্যালয় সাংস্কৃতিক কোষ আৰু স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২০-২১ বৰ্ষৰ উদ্যোগত ২৫ জুলাইৰ পৰা ৩১ জুলাইলৈকে এক অনলাইন নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। বৰ্তমান ক'ভিড পৰিস্থিতিত সৃষ্টিশীল মনোভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যে আয়োজন কৰা নাট কৰ্মশালাখনত অভিনয়, সংলাপ প্ৰক্ষেপন,পৰিচালনা,পাণ্ডুলিপি আৰু মুকাভিনয়ৰ প্ৰশিক্ষন দিয়া হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২০-২১ বৰ্ষৰ সাংস্কৃতিক সম্পাদক প্ৰীতম তহবিলদাৰে জানিবলৈ দিয়া অনুসৰি এই কৰ্মশালাত মুলতঃ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পাৰিব আৰু আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলে  ২৩ জুলাইৰ ভিতৰত সাংস্কৃতিক সম্পাদক প্ৰীতম তহবিলদাৰ আৰু সহকাৰী সাধাৰণ সম্পাদক বৰষা শৰ্মাৰ সৈতে যোগাযোগ কৰিব পাৰিব।

নাট কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে থাকিব নতুন দিল্লীৰ পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰডাকচন মেনেজাৰ পৰাগ শৰ্মা, কলকাতাৰ পৰা ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক চাউটি চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ৰ স্নাতক তথা অভিনেতা আৰু পৰিচালক জ্যোতিনাৰায়ন নাথ,সঙ্গীত নাটক অকাডেমি ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰাপক মুকাভিনয় শিল্পী কুলদ্বীপ পাটগিৰি,অভিনেতা পৰিচালক অসীম কৃষ্ণ বৰুৱা,ৰোনাল্ড হুছেইন আৰু নাট্যকাৰ তথা পৰিচালক হিল্লোল কুমাৰ পাঠক। ৭ দিনীয়া এই কৰ্মশালাৰ অন্তত প্ৰতিজন অংশগ্ৰহণকাৰীকে মানপত্ৰ প্ৰদান কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here