নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেচন, গুৱাহাটীয়ে মুকলি কৰিলে সপ্তাহ-জোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 July 2021

নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেচন, গুৱাহাটীয়ে মুকলি কৰিলে সপ্তাহ-জোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী

 





W7s News, ষ্টাফৰিপোৰ্টাৰ : 

'অসমত বিগত প্ৰায় তিনি বছৰত বৃদ্ধি পাইছে হেপাটাইটিছ 'চি'ৰ আক্ৰান্তৰ সংখ্যা। পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত হেপাটাইটিছ চিত আক্ৰান্তৰ সংখ্যা অধিক দেখা যায়। ইয়াৰ মূলতে হৈছে 

ড্ৰাগছ আসক্তি। সমগ্ৰ বিশ্বতে ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে -এইদৰে কয় নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেচনৰ  সম্পাদক আৰু ইনষ্টিটিউত অৱ ডাইজেষ্টিভ আৰু লিভাৰ ডিজিজৰ জ্যেষ্ঠ গেষ্ট্ৰোয়েন্তেৰোলজিষ্ট আৰু হেপাটোলজিষ্ট ডাঃ বি ডি গোস্বামীয়ে। দেওবাৰে গুৱাহাটীৰ পলি ক্লিনিক হাস্পতালত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ লগতে কয় ' ২৮ জুলাই বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেচন, গুৱাহাটীয়ে দেওবাৰে সপ্তাহ-জোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচীৰ মুকলি কৰা হ'ল। এই ”সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে, আমি চিকিৎসকলৰ বাবে নিয়মিত মেডিকেল শিক্ষাৰ কাৰ্যসূচী আৰু সপ্তাহ জুৰি বিভিন্ন ঠাইত ৰাজহুৱা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছো। বিশ্ব হেপাটাইটিছ দিৱস উদ্‌যাপনৰ উদ্দেশ্যে হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি ৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ বাবে “ৰাণ ফৰ ইঅ’ৰ লাইফ” – নামৰ এক ৰেলীৰো আয়োজন কৰা হৈছে।

হেপাটাইটিছৰ অৰ্থ হ’ল যকৃতৰ জ্বলন আৰু ইয়াৰ প্ৰতিক্ৰিয়া। হেপাটাইটিছৰ কাৰণ বহুতো, যেনে আমি সাধাৰণতে শুনি থকা হেপাটাইটিছ এ, বি, চি, ডি আৰু ই ৰ ভাইৰেল সংক্ৰমণ অন্যতম, কিন্তু ইয়াৰ বাদেও অ’টো-ইমিউন হেপাটাইটিছ, ফেটি লিভাৰ হেপাটাইটিছ, মাদক দ্ৰৱ্যৰ সেৱনৰ ফলত হোৱা হেপাটাইটিছ আৰু নিচাজাতীয় দ্ৰৱ্য গ্ৰহণৰ ফলত হোৱা হেপাটাইটিছ আদিও উল্লেখনীয়। এই সকলোবোৰ হেপাটাইটিছ ভাইৰাছৰ ভিতৰত, হেপাটাইটিছ বি আৰু চি আটাইতকৈ বিপদজনক আৰু ই  স্বাস্থ্যৰ বাবে গুৰুতৰ বিষয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, হেপাটাইটিছ বি ভাইৰাছ এইচ্‌আইভি ভাইৰাচ তকৈ ১০০ গুণ বেছি সংক্ৰামক, যি সংক্ৰমিত ব্যক্তিৰ ৰক্ত আৰু শৰীৰৰ তৰল দ্ৰৱ্যৰ মাজেৰে বিস্তাৰিত হয়।, ”যিসকল ব্যক্তি ভাইৰাল হেপাটাইটিছ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি তেঁওলোক হ’ল স্বাস্থ্যকৰ্মীসকল, অধিক যৌন সংগী থকা লোকসকল, তেজৰ শিৰাৰে ড্ৰাগছ গ্ৰহণ কৰা সকলৰ আৰু হেমোফেইলিয়াকচ্‌ সকলৰ, যিয়ে ৰক্ত গোট মৰা কাৰক গ্ৰহণ কৰে। হেপাটাইটিছ হোৱা এক তৃতীয়াংশ লোকৰ অচিনাক্ত বা অজ্ঞাত উৎসৰ পৰা এই ৰোগ সংক্ৰমিত হয়। ইয়াৰ অৰ্থ হ’ল হেপাটাইটিছৰ দ্বাৰা সংক্ৰমিত হ’বলৈ তীব্ৰ সংকাপূৰ্ণ গোটত নাথাকিলেও হয়।“দেখা গৈছে যে হেপাটাইটিছৰ ফলত প্ৰত্যেক বছৰে ১০ লাখতকৈও অধিক লোকৰ মৃত্যু হয়। য’ত ভাৰতবৰ্ষত ৪০ লাখ লোক হেপাটাইটিছ বি ত আক্ৰান্ত, বিশ্বজুৰি আনুমানিক ৫ কোটিতকৈ অধিক লোক হেপাটাইটিছ বি বা হেপাটাইটিছ চি ত আক্ৰান্ত। দীৰ্ঘ দিনলৈ হেপাটাইটিছত আক্ৰান্ত হোৱা লোকৰ লিভাৰ চিৰোচিচ্‌ আৰু যকৃতৰ কৰ্কট ৰোগ হ’ব পাৰে। ভাৰতত যকৃতৰ সংৰোপনৰ আটাইতকৈ সাধাৰণ কাৰণ। প্ৰাণৰ ভাবুকি অনা এই ৰোগৰ বিষয়ে আৰু ইয়াৰ প্ৰতিৰোধ, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে  বিশ্বজুৰি সজাগতা বৃদ্ধিৰ উদ্দ্যেশে, বিশ্ব হেপাটাইটিছ এলায়েন্সে প্ৰত্যেক বছৰে ২৮ জুলাইৰ দিনা বিশ্ব হেপাটাইটিছ দিৱস পালন কৰাৰ সিদ্ধান্ত লৈছে। আনহাতে এইবাৰ ক'ভিড পৰিস্থিতিৰ বাবে উলিওৱা সজাগতা ৰেলী অনুষ্ঠিত কৰা নহ'ব। মূলত ৰাইজৰ মাজত হেপাটাইটিছৰ সজাগতা সৃষ্টিৰ বাবে এই সপ্তাহজোৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here