অলা, উবেৰৰ বিৰুদ্ধে প্রতিবাদী কাৰ্য্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

অলা, উবেৰৰ বিৰুদ্ধে প্রতিবাদী কাৰ্য্যসূচী

 




W7s News, ষ্টাফৰিপোৰ্টাৰ : অলা উবেৰ এৰিব পাঁচ সহস্ৰাধিক থলুৱা চালকে। দীৰ্ঘ দিন ধৰি বহিৰাগত প্রতিস্থান উবেৰ আৰু অলাৰ শোষণত  লুণ্ঠনত অতিষ্ঠ হৈ অলা, উবেৰ এৰিবলৈ বাধ্য হৈছে সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে। ইউনিয়নত সদস্য সকলে দেওবাৰে 

মহানগৰীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ অলা, উবেৰ গ' বেক, সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন জিন্দাবাদ আদি শ্ল'গান দিয়ে। এই সম্পৰ্কে ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰে কয় ' দীৰ্ঘ দিন ধৰি বহিৰাগত প্রতিস্থান উবেৰ আৰু অলাই আমাক শোষণ কৰি আহিছে। পূৰ্বে গুৱাহাটীত ১৫ হাজাৰ কেব চালকৰ আছিল। কিন্তু

উবেৰ আৰু অলাৰ শোষণ, লুণ্ঠৰ বাবে এতিয়া 

 মাত্ৰ ৫ হাজাৰ কেব চালক আছে।  কাল কৰ'নাত সময়ত হোৱা আমাৰ হাহাকাৰ কথা তেওঁলোকে নুশুনিলে। যাৰ বাবে আমি প্ৰতিবাদত নামিলবলৈ বাধ্য হৈছোঁ।

প্ৰতিদিনে বাঢ়িছে পেট্ৰ'ল ডিজেলৰ দাম। তাৰ উপৰিও আমি চৰকাৰক কৰ আৰু বেংকৰ কিস্তি দিব লাগে।

তাৰমাজতে বহিৰাগত প্রতিস্থান অলা-ওবেৰে চলাইছে শোষন আৰু লুণ্ঠন চলাই আমাৰ ভাড়া কমাই দিছে। আমি  গাড়ীত  এ চি চলাব নোৱাৰো কিয়নো আমাৰ বাজেটতত নিমিলে।যাৰ ফলত গ্ৰাহকৰ লগত আমাৰ সম্পৰ্ক বেয়া হৈ যায়। কিন্তু এই দুটা কোম্পানীয়ে আমাৰ পৰা গুণ্ডা কৰ আদায় কৰি আছে। তেওঁলোকৰ অসমত কোনো কাৰ্যালয় নাই। কাৰ আশীৰ্বাদত তেওঁলোকে আমাৰ ওপৰত লুণ্ঠনৰাজ চলাই আছে তাৰ আমাক উত্তৰ লাগে।

অসমৰ থলুৱা চালক সকলক তেওঁলোকে মাথোঁ বঞ্চনা কৰিলে। সেয়ে আমি পহিলা আগষ্টৰ পৰা মহানগৰীত অলা, উবেৰ নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰ্তমান ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে চৰম আৰ্থিক সংকটত আমি ভুগিছোঁ। গাড়ীৰ কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবেও বহুতৰেই গড়ী কাঢ়ি নিছে ফাইনেঞ্চ কোম্পানীসমূহে। গুৱাহাটীত এতিয়া এইসকল কেব চালকৰ অবস্থা তথৈবচ। আমি এতিয়া উপায়ন্তৰ হৈ গুৱাহাটীৰ পাঞ্জাৱাৰীস্থ 'পে ণ্ডিয়া' প্ৰতিষ্ঠানত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।'

কেব চালক সকলৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ ফালৰ পৰা  বিশেষ পদক্ষেপ লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আমি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালত আমাৰ সমস্যা সমুহ সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।' উল্লেখ্য, এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে কেব চালক সকলক একোখন পৰিচয় পত্ৰ দিয়া হ'য়। ক'ভিড বিধি মানি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here