সূৰ্য চিমেণ্টৰ কৌন বনেগা লাখপতি আঁচনিৰ অধীনত গুৱাহাটীৰ ভাগ্যৱান গ্ৰাহকে জিকিছে ৫ লাখ টকাৰ জেকপট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 July 2021

সূৰ্য চিমেণ্টৰ কৌন বনেগা লাখপতি আঁচনিৰ অধীনত গুৱাহাটীৰ ভাগ্যৱান গ্ৰাহকে জিকিছে ৫ লাখ টকাৰ জেকপট

 




W7s News, ষ্টাফৰিপোৰ্টাৰ : সমগ্ৰ ভাৰতৰ লোকসকল বৰ্তমান #CovidSecondWave সৈতে যুঁজি আছে। ইয়াৰ মাজতে গুৱাহাটীৰ পৰমা ডেকালৈ আহি পৰিছে এটা ভাল খবৰ।

গুৱাহাটীৰকাহিলীপাৰা(৭৮১০১৯)ৰ পাৱাৰ হাউছৰ বাসিন্দা পৰমা ডেকাই সূৰ্য চিমেণ্টৰ প্ৰথমজন ভাগ্যৱান গ্ৰাহক হৈ পৰিছে, যিয়ে বিল্ডিং নিৰ্মাণ কাৰ্যৰ বাবে সূৰ্য চিমেন্টৰ বেগ ক্ৰয় কৰাত সেই বেগৰ ভিতৰত ৫লাখ টকাৰ কুপন লাভ কৰিছে। তেওঁ ৯ জুলাইত ৫ লাখ টকাৰ কুপনখন লাভ কৰিছে। গুৱাহাটীৰ সাওকুচি মেচাৰ্ছ পোড্ডাৰ ষ্টীল ট্ৰেডিং, ষ্ট'ৰৰ পৰা সূৰ্য গল্ড চিমেন্ট/সূৰ্য কংক্ৰিটক বেগ ক্ৰয় কৰাত তাৰ ভিতৰত লাভ কৰিছিল লাকী কুপন।

পুৰস্কাৰ লাভ কৰা গ্ৰাহক পৰমা ডেকাৰ হাতত ১৭ জুলাইত গুৱাহাটীত সূৰ্য চিমেন্টৰ ব্ৰেণ্ড এম্বাচাদৰ তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পূৰ্বাঞ্চলৰ চিমেন্টৰ সঞ্চালক সুনীল আগৰৱালা আৰু গুৱাহাটীৰ ডিজিএম (বিক্ৰী আৰু বিপণন) ৰণজিৎ সিঙে ৫ লাখ টকাৰ চেক হাতত তুলি দিয়ে।

ভাগ্যৱান বিজয়ীগৰাকীক অভিনন্দন জনাই জুবিন গাৰ্গে কয়, "সূৰ্য চিমেণ্টৰ গ্ৰাহক এজনে ডাঙৰ পুৰস্কাৰ জয় কৰিছে। এই জয়  সদায় ৰোমাঞ্চকৰ হয়।"

উত্তৰ-পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী উদ্যোগৰ এক পছন্দৰ আৰু আগশাৰীৰ ব্ৰেণ্ড সূৰ্য চিমেণ্টে মহামাৰীৰ কঠিন সময়চোৱাত গ্ৰাহকসকলক উৎসাহিত কৰিবলৈ "কৌন বনেগা লাখপতি" প্ৰচাৰ আঁচনি আৰম্ভ কৰিছিল। চাৰি মাহ ধৰি চলিব লগা কৌন বনেগা লাখপতি আচঁনিখন ১৫ মে'ত আৰম্ভ কৰা হৈছিল। এই অভিযানে সমগ্ৰ অসমৰ সূৰ্য চিমেন্ট গ্ৰাহকসকলক নিজৰ আনন্দৰ ভাগ্য চোৱাৰ সুযোগ দিব। আৰম্ভণিৰ পৰা এই আঁচনিয়ে বৃহৎ সঁহাৰি লাভ কৰিছিল আৰু অসমত সূৰ্য চিমেণ্টৰ প্ৰায় ৮ লাখ বেগ বিক্ৰী হৈছে। কৌন বনেগা লাখপতিত সূৰ্য চিমেণ্টৰ ৭ জন গ্ৰাহকে ইতিমধ্যে ১ লাখ টকাকৈ কুপন জিকিছে। তেওঁলোক নগাঁও, গোৱালাপাৰা, ধুবুৰী, শোণিতপুৰ, দৰং, নলবাৰী আৰু ডিব্ৰুগড়।

আঁচনিখনৰ সফলতাৰ বিষয়ে মন্তব্য কৰি পূৰ্বাঞ্চলৰ চিমেণ্ট লিমিটেড এম.ডি. মধুৰ আগৰৱালাই কয়-"মই আনন্দিত যে কৌন বনেগা লাখপতিয়ে আমাৰ গ্ৰাহকসকলক উৎসাহিত কৰি ৰাখিছে। সূৰ্য চিমেণ্টে মূল্যৱান গ্ৰাহকসকলক নিৰ্ভৰযোগ্য সামগ্ৰী আৰু সেৱা প্ৰদান কৰাৰ সময়ত এক শক্তিশালী ইকুইটি বজাই ৰখাত বিশ্বাস ৰাখে। এই অঞ্চলটো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ আৰু আমাৰ ইয়াত শক্তিশালী ভেটি আছে।"

চিমেন্ট বেগসমূহৰ ভিতৰত ২৫লাখতকৈ অধিক কুপন আছে। যাৰ পৰিমাণ ২কোটি টকাতকৈ অধিক। কৌন বনেগা লাখপতি আঁচনিৰ অংশ হিচাপে গ্ৰাহকসকলে এই ধনৰাশী জিকিব পাৰিব। সূৰ্য চিমেণ্টৰ সামগ্ৰী ক্ৰয় কৰা যিকোনো ব্যক্তিয়ে ২০২১ৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৫ টকাৰ  পৰা ৫ লাখ টকাৰ নিশ্চিত নগদ পুৰস্কাৰ লাভ কৰিব।  কেৱল ভাগ্যৱান কেইজনমানেহে ৫ লাখ টকাৰ 'জেকপট' পৰিমাণ জিকিব পাৰিব।এই অফাৰৰ সফলতাৰ ওপৰত আলোকপাত কৰি কয় ডিজিএম (বিক্ৰী আৰু বিপণন) ৰণজিৎ সিঙে কয়-" আমি আমাৰ ডিলাৰ আৰু চেনেল অংশীদাৰসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰি আহিছো। এই 

অফাৰে আমাৰ গ্ৰাহকসকলৰ বাবে মূল্য সৃষ্টি কৰাত সহায় কৰিছে আৰু আমাৰ বজাৰ অধিক শক্তিশালী কৰিব।" 

সূৰ্য চিমেণ্ট হৈছে অসমৰ অন্যতম আগশাৰীৰ ব্ৰেণ্ড আৰু ইয়াৰ উপস্থিতি চিহ্নিত কৰিবলৈ প্ৰচেষ্টা আগবঢ়াইছে  উত্তৰ-পূব ভাৰতৰ বজাৰত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here