ড° নৱমী গগৈৰ উপন্যাস 'দীপশিখা' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 18 July 2021

ড° নৱমী গগৈৰ উপন্যাস 'দীপশিখা' উন্মোচন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ ছয়মাইলস্থিত "দীপশিখা শিশু আশ্রয় স্থল’ত ড° নৱমী গগৈৰ চতুৰ্থখন গ্ৰন্থ 'দীপশিখা'দেওবাৰে উন্মোচন কৰা হয়। গ্রন্থ উন্মোচনী সভাৰ আৰম্ভণিতে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ নৱমী গগৈয়ে ‘দীপশিখা’ গ্ৰন্থখন লিখাৰ আঁৰৰ কাহিনী আৰু তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি কয়  'দীপশিখা’ জাতি-ধর্ম বর্ণ নির্বিশেষে মানৱতাৰ জয়গান গোৱা এক ব্যতিক্রমী অনুষ্ঠান। অসম, উত্তৰ-পূবঞ্চিল তথা ভাৰতৰ বিভিন্ন প্রান্তৰ কৰ্কট ৰোগী তথা ৰোগাক্রান্তসকলৰ বাবে ‘দীপশিখা’ এক আশীবাদস্বরূপ। সেয়ে এই অনুষ্ঠানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়োজনীতা লেখিকাই স্বীকাৰ কৰে। এসময়ৰ কটন মহাবিদ্যালয় তথা বর্তমান কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা, সমাজসেৱিকা তথা সাহসী নাৰী ড° মিনতি বৰঠাকুৰে গ্ৰন্থখন উন্মোচন কৰি কয়  'গ্ৰন্থৰ পৃথিৱীত '‘দীপশিখা' এক অনন্য সংযোজন। কর্কট ৰোগ তথ্য ৰোগীসকলৰ বাবে সহায়ৰ হাত আগবঢ়াই অহা ভিন্ন দিশ সামৰি লিখা এই গ্রন্থখনে সমাজৰ বাবে নতুন বার্তা কঢ়িয়াব বুলিও তেখেতে মতপোষণ কৰে। এই সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট চিন্তাবিদ,লেখক ময়ূৰ বৰাই ‘দীপশিখা’ গ্ৰন্থখনে কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰিত ৰূপৰ মাজেদি সমাজলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ কথা ব্যক্ত কৰে। লেখিকাই সহজ সৰল ভাষাৰে কিছু সত্য ঘটনাৰ আধাৰত নিজস্ব ভাৱনাৰ সংমিশ্রনেৰে গ্ৰন্থখনক সুন্দকৈ সজোৱা বুলি উল্লেখ কৰে। এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈয়ে এনে এক পদক্ষেপৰ বাবে লেখিকাৰ শলাগ লয়। সাম্প্রতিক জটিলতাই মানুহক কোঙা কৰিলেও লেখিকাই মানৱতাৰ জয়গান গাবলৈ প্ৰয়াস কৰা অনুষ্ঠান এটিৰ বিষয়ে এখন গ্ৰন্থ সমাজলৈ আগবঢ়াই দিয়াটো এক সুন্দৰ কৰ্ম বুলি উল্লেখ কৰে। সভাত উপস্থিত থাকি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, মুম্বাই অসম ভৱনৰ অতিৰিক্ত আয়ুক্ত তথা দীপশিখাৰ সঞ্চালক দেবাশীষ শমাহি এই গ্ৰন্থখন সমূহ 'দীপশিখা' পৰিয়ালৰ বাবে এক বিশেষ সংযোজন বুলি উল্লেখ কৰি লেখিকাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় -'দীপশিখা অনুষ্ঠানৰ বিষয়ে লিখা এইখনেই প্রথম গ্রন্থ। গ্রন্থখনিত লেখিকাই 'দীপশিখা 'জন্মৰ আঁৰৰ কাহিনী, তেওঁলোকৰ যাত্ৰাৰ ভিন্ন প্ৰত্যাহ্বান, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সমুখীন হোৱা অন্যান্য প্রাচীৰসমূহৰ উপৰিও মুম্বাই, গুৱাহাটীৰ লগতে ডিব্ৰুগড়, যোৰহাটৰ তিতাবৰত দীপশিখা'ৰ ভিন্ন শাখাৰ তথ্য টাটা মেম ব্রিয়েল হস্পিটেলৰ কিছু আন্তঃবতৰাৰ লগতে কল্পনাৰ মাজেৰে চাকুস হৈ উঠাকৈ বৰ্ণনা কৰা ভিন্ন দিশসমূহৰ প্ৰশংসা কৰে আৰু এই গ্ৰন্থখনে কৰ্কট ৰোগক মৰমেৰে আকোঁৱালি লৈ ৰোগী আৰু তেওঁৰ অভিভাৱকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে তেখেতসকলৰ পথ প্ৰদৰ্শক হৈ ৰ'ব বুলি কয়। সমগ্র অনুষ্ঠানটিৰ আঁত ধৰে 'দীপশিখা'ৰ অবৈতনিক সম্পাদক তথা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডা মৃন্ময়ী বৰুৱাই । ড' বৰুৱাই ৰেখা প্রকাশনে প্ৰকাশ কৰা 'দীপশিখা' গ্ৰন্থ উন্মোচনৰ এই দিনটো তেওঁলোকৰ বাবে এটি স্মৰণীয় দিন হৈ থাকিব বুলি উল্লেখ কৰি সভাত উপস্থিত থকা সকলোকে আন্তৰিক শলাগ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here