৮ জুলাইত জাতীয় উদ্যোগ বচাওক দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

৮ জুলাইত জাতীয় উদ্যোগ বচাওক দিৱস





W7s, News ষ্টাফৰিপোৰ্টাৰ: কাগজ কল নিলামৰ বিৰুদ্ধে জাতীয় প্ৰতিৰোধ গঢ়ি তোলাৰ আহবানেৰে ৮ জুলাইত জাতীয় উদ্যোগ বচাওক দিৱস পালন কৰা হ'ব। উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি,অসমৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই সম্পৰ্কে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি,অসমৰ মুখ্য আহ্বায়কদ্বয় ৰমেন দাস আৰু পংকজ কুমাৰ দাসে কয় 'বিজেপি চৰকাৰে গ্ৰহণ কৰা জাতীয় স্বাৰ্থ বিৰোধী নীতিৰ প্ৰতিবাদত সিদিনা আমি ৰাজ্যজুৰি জাতীয় উদ্যোগ দিৱস পালন কৰিম। ইতিমধ্যে নগাঁও, কাছাৰ কাগজ কলৰ ৯১ জন শ্ৰমিক-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱতি লৈছে। সেয়ে ৰাজ্যখনৰ সকলো গণতান্ত্ৰিক দল, যুৱ-ছাত্ৰ, মহিলা, শ্ৰমিক সংগঠন, বৌদ্ধিক সমাজ তথা ৰাইজক আমি সিদিনাৰ দিৱসত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। আনহাতে গুৱাহাটীত সিদিনা গুৱাহাটী ক্লাৱৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত দিনৰ ১২ বজাত ক'ভিড বিধি পালন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here