ইণ্ডিয়া বুক অৱ ৰেকৰ্ডেৰে অভিলেখ সাগৰিকা গোস্বামীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 4 July 2021

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডেৰে অভিলেখ সাগৰিকা গোস্বামীৰ

 


অসম বুক অৱ ৰেকৰ্ডৰ পিছত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডঅত নাম খোদিত কৰিলে সাগৰিকাই




W7s News, ষ্টাফৰিপোৰ্টাৰ:     সাহিত্য, সংস্কৃতিৰ লগত চাৰি বছৰ বয়সৰ পৰাই জড়িত থকা নলবাৰী জিলাৰ টিহুৰ ২ নং নাথকুছি নিবাসী সাগৰিকা গোস্বামী নিজৰ দক্ষতাৰে এইবাৰ উজলিল “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড”অত । ‘গাৰ্ল ইজ গোল্ড’ নামৰ ছুটি চলচ্চিত্ৰখনৰ বাবেই সাগৰিকা গোস্বামীয়ে কঢ়িয়াই আনিলে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ৰ সন্মান । কেন্দ্ৰীয় চৰকাৰৰ ‘বেটী বচাও বেটী পঢ়াও’ তথা অসম চৰকাৰে ছোৱালীৰ বাবে গ্ৰহণ কৰা  কাৰ্য্যত উৎসাহ পাই এই ছুটি ছবি নিৰ্মাণৰ বাবে মন মেলিছিল বুলি প্ৰকাশ কৰে সাগৰিকা গোস্বামীয়ে ।  ছুটি ছবিখনৰ কাহিনী,পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিইজিক, কষ্টিউম ডিজাইনিং, ভইছ অ’ভাৰ, আৰু কাষ্টিং সকলো সাগৰিকা গোস্বামীৰ । ইয়াৰোপৰি ছুটি চলচ্চিত্ৰখনৰ বিধৱা মাতৃ, শিক্ষয়িত্ৰী, গায়িকা, নৃত্যশিল্পী, সাংবাদিক, খেলুৱৈ, খলনায়ক আদি মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰিছে কেৱল সাগৰিকা গোস্বামীয়ে । । মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ।  হেমন্ত কুমাৰ গোস্বামী আৰু  অনামিকা গোস্বামীৰ কন্যা সাগৰিকা গোস্বামী নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়,  সংস্কৃত সংহত পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ মেধাৱী ছাত্ৰী তথা এইখন বিশ্ববিদ্যালয়ৰে ২০১৯ বৰ্ষৰ ‘শ্ৰেষ্ঠা সাহিত্যিক’ । আকৌ "বকুলৰ বিশ্ববিদ্যালয়" শীৰ্ষক এটি গীত নিজ কথা, সুৰ আৰু কণ্ঠেৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ আশীৰ্বাদত উপহাৰ দিয়ে সাগৰিকাই ।  "Sagarika Goswami" ইউটিউব চেনেলযোগেও জনপ্ৰিয়তা অৰ্জন কৰা সাগৰিকা গোস্বামীৰ এই ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱা ছুটি ছবিখনো অতি সোনকালেই ইউটিউব যোগে মুক্তি লাভ কৰিব বুলি শিল্পীগৰাকীয়ে নিজেই জানিবলৈ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here