হাউলীৰ হাজীপাৰাৰ সৰবৰহী মহিলা মণিকা ৰেখাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

হাউলীৰ হাজীপাৰাৰ সৰবৰহী মহিলা মণিকা ৰেখাৰ মৃত্যু

 


বৰপেটা মহকুমা প্রাথমিক শিক্ষক সন্মিলনী-দল-সংগঠনৰ শোক



W7s News, ষ্টাফৰিপোৰ্টাৰ: বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাজীপাৰা গাৱৰ সৰবৰহী মহিলা তথা কৃতি শিক্ষক জাকিৰ হুছেইনৰ পত্নী মনিকা ৰেখাৰ  দেওবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত হেল্ থচীটি হাস্পালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় | তেওঁ শনিবাৰে হঠাৎ অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক উন্নত চিকিৎসাৰ  বাবে গুৱহাটীৰ খানাপাৰাস্থিত হেল্ থচীটি হাস্পাতাললৈ প্রেৰণ কৰা হয়| হেল্ থচীটি হাস্পাতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত তেওঁৰ শৰীৰৰ কেবাটাও অংগ বিকল হোৱা বুলি ধৰা পৰাত পুৱতি নিশা প্রায় তিনি বজাত চিকিৎসকৰে ভেণ্টিলেটৰত ৰাখি চিকিৎসা প্রদান কৰে| হাস্পাতালৰ ভেণ্টিলেটৰত মৃত্যুৰে যুঁজি তেওঁ দেওবাৰে পুৱা প্রায় ৯.১৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে| বিয়লি মহিলাগৰাকীৰ মৃতদেহ বাসগৃহলৈ লৈ যোৱাৰ পাছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়| সন্ধিয়া প্রয়া সাত বজাত নিজ বাসগৃহতে ক'ভিড বিধি মানি তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়| মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩১ বছৰ।

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলজুৰি শোকৰ ছাঁ পৰে| মৃত্যুৰ সময়ত তেওঁ স্বামী, দুটা কণমানি কন্যা-পুত্ৰ সন্তান আৰু পিতৃ-মাতৃসহ বহু আত্মীয়ক  এৰি থৈ যায়| মহিলা গৰাকীৰ মৃত্যুত বৰপেটা মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা প্রধান সম্পাদক ছমচেৰ আহমেদ,সদস্য নৱজিত্ দাস, ওচমান গণি, মহিৰ উদ্দিন, সঞ্জীৱ সৰকাৰ আৰু আবুল কালাম আজাদসহ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে|

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here