আচাৰ্যৰ নিৰ্দেশ অবিবেচক-একপক্ষীয়- অগণতান্ত্ৰিক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

আচাৰ্যৰ নিৰ্দেশ অবিবেচক-একপক্ষীয়- অগণতান্ত্ৰিক

 



পূৰ্ণকালীন স্থায়ী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ঠিকাভিত্তিক শিক্ষকসকলৰ  নিযুক্তি বাহাল ৰখাৰ দাবী এছ এফ আইৰ



W7s News, ষ্টাফৰিপোৰ্টাৰ: 

পূৰ্ণকালীন স্থায়ী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ঠিকাভিত্তিক শিক্ষকসকলৰ  নিযুক্তি বাহাল ৰখাৰ দাবী জনাইছে এছ এফ আইয়ে।

এই সম্পর্কে এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ

সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে কয় ' গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল ড° জগদীশ মুখীৰ নিৰ্দেশমৰ্মে গুৱাহাটী  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সকলো ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বন্ধ কৰা কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ৩০ জুনৰ পিছতো কাৰ্যকাল বাহাল থাকিবলগীয়া ঠিকাভিত্তিক শিক্ষকসকলৰ ক্ষেত্ৰতো এই নিৰ্দেশ প্ৰযোজ্য হোৱাৰ কথা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচন( এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই  নিৰ্দেশ বাতিল কৰাৰ দাবী জনাইছোঁ ।  আচাৰ্যৰ কঠোৰ নিৰ্দেশৰ ফলত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগত ২০১৮ বা তাৰ পূৰ্বৰেপৰাই সেৱা আগবঢ়াই অহা ৬৫ জন  ঠিকাভিত্তিক শিক্ষকক অব্যাহতি প্ৰদান কৰিবলগীয়া হোৱাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বিমোৰত পৰিছে। আনকি, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° প্ৰতাপজ্যোতি সন্দিকৈয়ে এইক্ষেত্ৰত অসহায়তা প্ৰকাশ কৰি এই নিৰ্দেশৰ ফলত আইন বিভাগ, গণসংযোগ আৰু সাংবাদিকতা বিভাগ আদি পৰ্যাপ্ত স্থায়ী শিক্ষক নথকা শৈক্ষিক বিভাগসমূহে পাঠ্যক্ৰম অব্যাহত ৰখাত যথেষ্ট অসুবিধাৰ সন্মূখীন হ’ব বুলি সংবাদমাধ্যমত উল্লেখ কৰিছে। ইতিমধ্যে বিভাগীয় মূৰব্বীসকলেও পূৰ্ণকালীন স্থায়ী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ঠিকাভিত্তিক শিক্ষকসকলৰ  নিযুক্তি বাহাল ৰখাৰ পক্ষে মত পোষন কৰাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পাইছে। তেনেস্থলত বিশ্ববিদ্যালয়ৰ বাস্তৱ শৈক্ষিক পৰিস্থিতিৰ অনুধাৱন নকৰাকৈ আচাৰ্য তথা ৰাজ্যপালে এনে অবিবেচকী আৰু একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰাটো গৰিহণাযোগ্য। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দি বিশ্ববিদ্যালয়ে শাস্তিমূলক কাম কৰিছে বুলি ভাবুকি প্ৰদান কৰাটোও (সংবাদমাধ্যমত প্ৰকাশ পোৱামতে) অতিকৈ ধিক্কাৰজনক  আৰু এনে মন্তব্য তথা ভাবুকিয়ে বিশ্ববিদ্যালয় এখনৰ গণতান্ত্ৰিক প্ৰমূল্যক  আঘাত হানিছে বুলি আমি এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে বিশ্বাস কৰোঁ।

ক’ভিড মহামাৰীৰ বিভীষিকাৰ সময়ত পাঠদান কাৰ্যসূচীত জৰিত থকা এই ঠিকাভিত্তিক শিক্ষকসকলক কৰ্তব্যৰপৰা অব্যাহতি প্ৰদান কৰাটো অমানৱীয় সিন্ধান্ত আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এনে সিন্ধান্ত গ্ৰহণৰপৰা বিৰত থাকিবলৈ আমি দাবি জনালো। উল্লেখ্য, এইজন আচৰ্যই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বন্ধ কৰিবলৈ ২০১৮ চনৰপৰাই নিৰ্দেশ দি আহিছে। কিন্তু কি পৰিস্থিতিত বিশ্ববিদ্যালয়সমূহে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি যেন আচৰ্যগৰাকী আৰু চৰকাৰৰ কোনো কাণসাৰ নাই। অতি নগন্যসংখ্যক স্থায়ী (পূৰ্ণকালীন) শিক্ষকক লৈ বিশ্ববিদ্যালয়সমূহৰ কিছুমান বিভাগ চলি আছে, আনকি বিগত সময়ত স্থাপিত কিছুমান বিশ্ববিদ্যালয়ত এটাও স্থায়ী শিক্ষকপদৰ অনুমোদন দিয়া হোৱা নাই। পৰ্যাপ্ত স্থায়ী শিক্ষক নিযুক্তি নিদিয়াৰ ফলতেই ৰাজ্যৰ বহুকেইখন বিশ্ববিদ্যালয়ে ইউজিছিৰ ১২খ মৰ্য্যদা (12B status of University Grant Commission) আৰু নেক্‌ (National Assessment & Accreditation Council) ৰ স্বীকৃতি আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই। 

তদুপৰি,  ঠিকাভিত্তিত  নিযুক্ত শিক্ষকসকলক ইউজিছিৰ নিৰ্দেশাৱলীমতে দৰমহা নিদিয়াৰ অভিযোগো আছে। যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ত যোৱা ডিচেম্বৰ মাহত ১৫,৮৮৪ টকা মাহিলী দৰমহাত অংশকালীন শিক্ষক (Temporary Teaching Associates, Advt No. AWU/Estt/17/2016/1201 dated 15.12.2020) ক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল।

অন্যহাতে ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি বন্ধ কৰা কৰাৰ নিৰ্দেশ জাৰি কৰা এইজন আচৰ্য তথা ৰাজ্যপালৰ নিৰ্দেশমতেই অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেক্‌নিক কলেজসমূহত নিযুক্ত অংশকালীন ঠিকাভিত্তিক শিক্ষক (Part Time Assistant Professor)ৰ দৰমহা আৰু পদৱী সম্পৰ্কত এখন নিৰ্দেশ প্ৰকাশ পাইছিল (Ref. No.ATE.24/2020/68 dated 25th February, 2020)।  অৰ্থাৎ প্ৰায়বোৰ কাৰিকৰী শিক্ষানুস্থানেই অতি কমসংখ্যক স্থায়ী (পূৰ্ণকালীন) শিক্ষকক লৈহে পাঠদান অব্যাহত ৰাখিছে আৰু সেই সম্পৰ্কে ৰাজ্যপালজন অৱগত। আমি ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ বিশ্ববিদ্যালয় আৰু কাৰিকৰী শিক্ষানুস্থানসমূহত পৰ্যাপ্ত স্থায়ী শিক্ষক নিযুক্তি দিয়া আৰু পূৰ্ণকালীন স্থায়ী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত ঠিকাভিত্তিক শিক্ষকসকলৰ  নিযুক্তি বাহাল ৰখাৰ লগতে বিশ্ববিদ্যালয় এখনৰ গণতান্ত্ৰিক প্ৰমূল্যক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰিছোঁ ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here