W7s News, ষ্টাফৰিপোৰ্টাৰ:আই আই টি গৱেষক ছাত্ৰৰ নিলম্বনৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে নিখিল ভাৰত ছাত্ৰ সন্থা ''আইছা"ই।
নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা)ৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে এই সম্পৰ্কে কয় 'আই.আই.টি গুৱাহাটীৰ পি.এইচ ডি.গৱেষক ছাত্ৰ বিক্ৰান্ত সিঙক যোৱা ২৫ জুনত কেম্পাচৰ পৰা অন্যায়ভাৱে আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে নিলম্বন(terminate) কৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে। উল্লেখ্য বিক্ৰান্ত সিঙে প্ৰতিষ্ঠানটোৰ সঞ্চালক (Director) টি.জি. সিথাৰমৰ বিৰুদ্ধে আৰ.টি.আই আবেদন যোগে কেইবাটাও কেলেংকাৰিৰ তথ্য পোহৰলৈ আনিছিল আৰু এই একেই কাৰণত প্ৰতিষ্ঠানটোৰ পৰা অবৈধভাবে বাধ্যতামূলক অৱসৰ দিয়া অধ্যাপক ড° ব্ৰিজেছ ৰায়ৰ সমৰ্থনত আন্দোলন তথা অনশনৰ কাৰ্যসূচী হাতত লৈছিল। এই অপৰাধতে বিক্ৰান্ত সিঙক নিলম্বন কৰা হৈছে। । ইয়াৰ উপৰিও বিক্ৰান্ত সিঙৰ অপৰাধ হৈছে অন্যায়ভাবে বাধ্যতামূলক অৱসৰৰ সন্মুখীন হবলগীয়া ড° ব্ৰিজেছ ৰায়ৰ অধীনত গৱেষণা কৰি থকা তেওঁ ছাত্ৰ আছিল। এই ঘটনাই উচ্চ শিক্ষানুষ্ঠানখনত চলি থকা স্বেচ্ছাচাৰী প্ৰশাসনিক ব্যৱস্থাক উদঙাই দিছে। দৰাচলতে দেশজুৰি সম্প্ৰতি গণতন্ত্ৰৰ ওপৰত আৰু জে এন ইউ, দিল্লী বিশ্ববিদ্যালয়, জামিয়া মিলিয়া বিশ্ববিদ্যালয় আদি উচ্চ শিক্ষানুষ্ঠানসমূহৰ ওপৰত চলা আক্ৰমণৰ এয়া অংশ মাথোন । পৰীক্ষা সংক্ৰান্তীয় এক কেলেংকাৰিৰ ওপৰত বিক্ৰান্ত সিঙে বিগত বৰ্ষৰ ২৯ অক্টোবৰত এটা ফেচবুক পোষ্ট কৰিছিল আৰু তাৰেই অচিলা লৈ চলিত বছৰৰ১০ মাৰ্চ এখন জাননী যোগে ১০ মাৰ্চৰ পৰা ২৭ জুলাইলৈ বিক্ৰান্ত সিঙক সাময়িক ভাবে পাঠদানৰ পৰা অব্যাহতি (Academic Exclusion) দিয়া হয়।তাৰ পিছত আকৌ ঘটনাৰ পুন: তদন্ত কৰি ২৫ জুনত নিলম্বন কৰা হয়।
আই আই টি গুৱাহাটী কৰ্তৃপক্ষৰ এনে অগণতান্ত্ৰিক সিদ্ধান্ত এজন ছাত্ৰৰ সংবিধান সন্মত বাক স্বাধীনতাৰ পৰিপন্থী। যিকোনো কাৰ্যৰ শেষ উত্তৰ কেম্পাচৰ পৰা নিলম্বন হব নোৱাৰে। বিগত বৰ্ষসমূহত আমি দেখিবলৈ পাইছো যে বিভিন্ন শোষণ তথা কেম্পাচৰ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা ছাত্ৰ- ছাত্ৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ চলাই অহা হৈছে। এইয়া অতি ভয়ংকৰ। কেম্পাচ স্বাধীনতা আৰু ছাত্ৰ ছাত্ৰীৰ মৌলিক অধিকাৰৰ পৰিপন্থী। দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ কাৰণে বিক্ৰান্ত সিঙৰ পি এইচ ডি ৰ Guideship জোৰ জৱদস্তি কাটি দিয়া হৈছিল আৰু নতুন Guideship ৰ Form ত কৰ্তৃপক্ষই চহী পৰ্যন্ত কৰা নাছিল। মেধাৱী ছাত্ৰ জনৰ জলপানি (Scholarship) কাটি দিয়া হৈছিল।উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ঘনিষ্ঠ ব্যক্তিক বিনামূলীয়াকৈ চৰকাৰী সুবিধা প্ৰদান কৰা, General financial rules উলংঘা কৰি সঞ্চালকৰ বাংলোৰ পুনৰ্নিমাণৰ কামৰ নিবিদা(Tender) দিয়া, ছুটিত থাকিলেও Dearness allowances সহ সম্পূৰ্ণ দৰমহা লোৱা, ৰাজহুৱা ধন নষ্ট কৰি পঞ্চ তাৰকা হোটেলত মিটিং কৰাকে আদি কৰি বিভিন্ন অভিযোগ উত্থাপন কৰিছিল বিক্ৰান্ত সিঙে। এই অভিযোগ সমূহৰ প্ৰমাণিত তথ্য লৈ ছাত্ৰজনে ওপৰ মহললৈ চিঠিও পঠাইছিল। কিন্তু ইয়াৰ কোনো সুদুত্তৰ নাহিল।আইছাই অসমৰ ছাত্ৰ সমাজ তথা বৌদ্ধিক মহলক এই স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ আহবান জনাইছে আৰু অনতিপলমে বিক্ৰান্ত সিঙক নিলম্বন কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।
No comments:
Post a Comment