গোর্খা এম ই স্কুলৰ উদ্যোগত ভানুভক্ত আচার্যৰ ২০৭ সংখ্যক জন্মবার্ষিকী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 July 2021

গোর্খা এম ই স্কুলৰ উদ্যোগত ভানুভক্ত আচার্যৰ ২০৭ সংখ্যক জন্মবার্ষিকী

 



W7s News, ষ্টাফৰিপোৰ্টাৰ: গোর্খা এম ই স্কুলৰ ৭৫ সংখ্যক বার্ষিকী উদ্ যাপন সমিতিয়ে ভানু জয়ন্তী উদযাপন হিচাপে নেপালি ভাষাৰ প্ৰথম কবি (আদিকবি) ভানুভক্ত আচার্যৰ ২০৭ সংখ্যক জন্মবার্ষিকী পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। ক'ভিড বিধি মানি কৰি ভানু জয়ন্তী  ১৩ জুলাইযৰ পূৱা ১১ বজাৰ পৰা গোর্খা এম ই  স্কুল প্রাঙ্গণত  উদযাপন কৰা হ'ব। সমিতিৰ সভাপতি গোপাল কে চিয়ে পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ। এই উপলক্ষে আদিকবি ভানুভক্ত আচাৰ্যৰ ছবিত মাল্যাৰ্পন, ৰামায়ণ পাঠ, কবিতা আবৃত্তি আৰু আদিকবি ভানুভক্ত আচাৰ্যৰ জীবনী সম্পর্কীয় বক্তব্য আগবঢ়োৱা হ'ব। ভানু জয়ন্তী উদ্যাপনৰ সুচাৰুৰূপে পৰিচালনা কৰা বাবে  গোপাল কে চি,  চন্দ্র প্রসাদ শর্মা, ৰাজেশ  ঠাকুৰী, পিতম্বৰ ৰাজভণ্ডাৰী, কৃষ্ণ উপাধ্যায়, ৰাম নাৰায়ণ সুবেদী, মদন ক্ষেত্রী, বিজয় দাস, সন্তোষ দাস, হেমকলা ক্ষেত্রী, মিনু ক্ষেত্রী, জুহি ঠাকুৰ, মমতা মণ্ডল, ৰাহুল মালি আৰু জিতেন মালীক লৈ  এখনি উপ-সমিতি  গঠন কৰা হয় । উল্লেখ্য,  গোৰ্খা এমই স্কুল ৭৫ সংখ্যক বার্ষিকী উদ্য়াপন সমিতিৰ তৰফৰ পৰা দক্ষিণ -পূব গুৱাহাটী ভানু জয়ন্তী উদ্যাপন  সমিতিৰ দ্বাৰা আয়োজিত স্বর্ণজয়ন্তী উদযাপনক নৈতিক সমর্থন  দিয়াৰ বাবে সমিতিৰ এটি দল  সমৰ্থন পত্ৰ আৰু এটি ফুলৰ থোপা লৈ বীৰকুচি সুবর্ণজয়ন্তী উদযাপনত অংশ লোৱাৰ সিদ্ধান্ত লোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here