অতিমাৰী আৰু মানসিক স্বাস্থ্য সংক্ৰান্তীয় বিষয় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 July 2021

অতিমাৰী আৰু মানসিক স্বাস্থ্য সংক্ৰান্তীয় বিষয়

 


W7s News ষ্টাফৰিপোৰ্টাৰ  : ক'ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্ব জুৰি সৃষ্টি কৰা সমস্যাৰ ভিতৰত মানসিক স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে মানসিক গুৰুত্বলৈ লক্ষ্য ৰাখি অনলাইন যোগে এক বিশেষ আলোচনা অনুষ্ঠিত কৰে। তিনি শতাধিক ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই আলোচনা উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ  উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে। অধ্যাপক দাসে তেওঁৰ আদৰণি ভাষণত ক'ভিড মহামাৰীৰ সৈতে জড়িত মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত দুটা দিশলৈ বিশেষ ভাৱে আঙুলিয়াই দিয়ে। প্ৰথমটো হ'ল এই মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত দেখা দিয়া কেনেধৰণৰ সেয়া আৰু দ্বিতীয়টো হ'ল এই সমস্যাৰাজীৰ সৈতে কেনেদৰে মোকামিলা কৰিব পৰা যাব। আজীৱন শিকনত বিশ্বাসী এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলেও ক'ভিডৰ সময়ত কম বেছি পৰিমাণে উদ্বিগ্ন হৈ পৰা কথাটোৱেও উপাচাৰ্য গৰাকীৰ আদৰণি ভাষণত স্থান পায়। তিনিগৰাকী মানসিক স্বাস্থ্য বিশেষজ্ঞ ডা° অনিতা ৰেগো,     ডা° শোভানা এইচ আৰু ড° সংগীতা গোস্বামীয়ে এই আলোচনাত অংশগ্ৰহণ কৰে। তিনিও গৰাকী বিশেষজ্ঞই নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা অতিমাৰীয়ে জন্ম দিয়া মানসিক স্বাস্থ্যৰ সৈতে জড়িত সমস্যাৰাজীক বিশ্লেষণ কৰে। বিশেষজ্ঞ তিনিও গৰাকীৰ চমু পৰিচয় বিশ্ববিদ্যায়ৰ অধ্যাপক জয়দ্বীপ বৰুৱাই  পৰিচয় দাঙি ধৰে। অনুষ্ঠানটোৰ আঁত ধৰে ড° মৃদুস্মিতা দুৱৰাই। তিনি শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কেতবোৰ প্ৰশ্নৰ বিশেষজ্ঞসকলে উত্তৰো দিয়ে বুলি কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় জন সম্পৰ্ক ৰক্ষাকোষৰ আহ্বায়ক

জ্যোতি খাটনিয়াৰে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here