নগাঁও আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী -আম আদমি পাৰ্টি, অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 July 2021

নগাঁও আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী -আম আদমি পাৰ্টি, অসমৰ

 



অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আপ অসমে




W7s News ষ্টাফৰিপোৰ্টাৰ : 'নগাঁও আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী জনাইছে আম আদমি পাৰ্টি, অসমে। বুধবাৰে গুৱাহাটী প্ৰেছক্লাবত আম আদমি পাৰ্টি, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত  আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় 'কাইলৈ পুনৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ শুনানি আছে। হিন্দুস্থান পেপাৰ কৰ্পৰেচন লিমিটেডৰ অধীনত থকা এই কল দুটা এশ শতাংশ ভাৰত চৰকাৰৰ মালিকাধীন কোম্পানী। এই কাগজ কল দুটাত ১২০০ কৰ্মচাৰী আছে যদিও প্ৰায় ২ লাখ লোক এই কাগজ কল দুটাৰ ওপৰত নিৰ্ভৰশীল। নগাঁও কাগজ কলটো ২০১৭ চনৰ ১৩ মাৰ্চ আৰু কাছাৰ কাগজ কলটো ২০১৫ চনৰ পৰা জাননী অবিহনে বন্ধ কৰি ৰাখিছে। ২০০৮ চনলৈ প্ৰতিবছৰে ১ লাখ ১৫ হাজাৰ মেট্ৰিক টন কাগজ উৎপাদন কৰিব পৰা কলদুটাৰ বছৰি প্ৰায় ৫৯৮ কৌটি  টকা আয় হৈছিল। কল দুটা বন্ধ হোৱাৰ ফলত ৮৮ জন কৰ্মচাৰী অনাহাৰে বিনা চিকিৎসাই মৃত্যু হয় আৰু চাৰিজন কৰ্মচাৰীয়ে পৰিয়ালৰ দুখ সহিব নোৱাৰি আত্মহত্যা কৰে। ৰাষ্ট্ৰীয় আইন ন্যাধিকৰণৰ দ্বাৰা নিযুক্ত ব্যক্তিগত লিকুইদেটৰ কুলদ্বীপ ভাৰ্মাই কল দুটাৰ নিলামৰ মূল্যায়নৰ কিছু ডাঙৰ ভুল কৰিছে। কাৰণ কাছাৰ কাগজ কলৰ টাউন চিপ এলেকাত থকা খাৰুৱা তেল আৰু গেছৰ কুপ কেইটাৰ কোনো উল্লেখ নাই। প্ৰথম নিলাম জাননীৰ নিন্মতম মূল্য আছিল ১১৩৯ কৌটি টকা কিন্তু এই নিলাম জাননী সময়মতে কোনোৱে অংশ গ্ৰহণ নকৰা বাবে এই মূল্য ১৭০ কৌটি হ্ৰাস কৰা হয়। আনহাতে ২০১৯ চনৰ ৯ জুলাইত কেন্দ্ৰীয়  উদ্যোগ মন্ত্ৰীয়ে সাংসদত জনাই যে ২০১৪-১৫ চনৰ পৰা ২০১৭-১৮ চনলৈ কাগজ কল দুটাত ৪,১৪১ কৌটি টকা বিনিয়োগ কৰা হৈছে। কিন্তু এই টকা ক'ত কেনেকৈ ব্যয় হ'ল তাৰ হিচাপ এতিয়াও নাই। এই পৰ্যন্ত কৰ্মচাৰীৰ ভৱিষ্যতনিধিৰ একাউন্টত ১০৭ কৌটি টকাৰ গুৰুতৰ বিসংগতি আছে, ইয়াৰ বাবে দায়ী কোন? ২০২১ চনৰ বিজেপিৰ ঘোষণা পত্ৰত এই কল দুটাৰ কথা উল্লেখ আছে আৰু উদ্যোগ দুটা উৎপাদনশীল কৰি লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ কথা কৈছিল। এতিয়া সেই ঘোষণা কি হ'ল? আৰু আত্মনির্ভৰশীল অসম কেনেকৈ হ'ব। চৰকাৰে মাত্ৰ ৯৬৯ কৌটি টকা খৰচ কৰি এই লাভ জনক উদ্যোগ দুটাক ব্যক্তিগত কৰণ হোৱাৰ পৰা ৰক্ষা কৰক আৰু আত্মনির্ভৰশীল অসম গঢ়াত সহায় কৰক। মধ্যপ্ৰদেশ চৰকাৰ আৰু কেৰালা চৰকাৰে তেওঁলোকৰ কাগজ কল নিজে চলোৱাৰ  দৰে অসম চৰকাৰেও এই কাগজ কল দুটা নিজে চলাওক। এনে গধুৰ যন্ত্ৰ পাতিৰে এটা কাগজ কল স্থাপন কৰিবলৈ কমেও ২০ হাজাৰ কোটি টকাৰ প্ৰয়োজন কাৰণ কাগজ কল দুটা ৬০০০ বিঘা মাটি থকা আৰু কল দুটা ব্ৰডগেজ ৰেল লাইন আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা সংযোজিত। কাগজ কলৰ ভূমিৰ অধীনত থকা প্ৰাকৃতিক তেল আৰু গেছৰ ৰ'য়েল্টি যাৰ পৰিমাণ এতিয়াও নিৰ্ধাৰিত কৰা হোৱা নাই, সেইখিনি কাগজ কলৰ অতিৰিক্ত উৎপাদন হ'ব। সেয়ে আমি কল দুটাৰ নিলাম প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ চৰকাৰক দাবী জনালোঁ। অন্যথা আমি গণতান্ত্ৰিকভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।' সংবাদ মেলত আপ, অসমৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here