পহিলা আগষ্টৰ পৰা অ'লা-উবেৰ বৰ্জন কাৰ্যসূচী বাহাল থাকিব-অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 July 2021

পহিলা আগষ্টৰ পৰা অ'লা-উবেৰ বৰ্জন কাৰ্যসূচী বাহাল থাকিব-অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়ন

 




W7s News ষ্টাফৰিপোৰ্টাৰ : কেব চালক সকলে পহিলা আগষ্টৰ পৰা স্ব-ইচ্ছাই লোৱা  অ'লা-উবেৰ বৰ্জন কাৰ্যসূচী বাহাল থাকিব বুলি অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে স্পষ্ট কৰি দিছে। এই সম্পৰ্কে ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰে কয় '  ২০ জুলাইত প্ৰকাশিত বাতৰি অনুসৰি অ'লা উবেৰ কেব অপাৰেটৰৰ ইব্ৰাহীম আলী আৰু দেৱজিৎ ডেকা নামৰ দুজন ব্যক্তিয়ে আমাৰ এই অ'লা-উবেৰ কাৰ্যসূচীটো আলোচনা মৰ্মে উঠাই লোৱা বুলি কৈ চালক সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।  আমাৰ ইউনিয়নৰ লগত কোনো চৰকাৰী পক্ষ বা অ'লা -উবেৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা হোৱা নাই।  ইব্ৰাহীম আলী হৈছে অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ প্রাক্তন সভাপতি আৰু বৰ্তমানৰ মুখ্য উপদেষ্টা। কিন্তু ২০ জুলাইত বাতৰি কাকত যোগে প্ৰচাৰিত বাতৰি অনুসৰি অ'লা-উবেৰ কেব অপাৰেটৰ বুলি আজিলৈকে নাম নুশুনা সংগঠন নাম লৈ পহিলা আগষ্টৰ পৰা লোৱা আমাৰ কাৰ্যসূচী বিফল কৰিবলৈ চেষ্টা কৰা বাবে বুধবাৰে অনুষ্ঠিত আমাৰ বিষয় ববীয়াৰ বৈঠকত ইব্ৰাহীম আলীক মুখ্য উপদেষ্টাৰ সন্থা বিৰোধী কাৰ্য কৰা বাবে মুখ্য উপদেষ্টাৰ পদৰ পৰা বহিস্কাৰ কৰা হয়। তেওঁ আজিৰে পৰা ইউনিয়নৰ  কোনো কামত জড়িত হ'ব নোৱাৰিব। লগতে ছপা মাধ্যম বা বৈদ্যুতিন মাধ্যমত ইউনিয়নৰ হৈ কোনো প্ৰচাৰ আদি কৰিব নোৱাৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here