এইচডিএফচি বেংকে মুকলি কৰিলে ক'ভিড সংকট সমৰ্থন বৃত্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 July 2021

এইচডিএফচি বেংকে মুকলি কৰিলে ক'ভিড সংকট সমৰ্থন বৃত্তি

 



W7s News ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ৰ দ্বাৰা প্ৰভাৱিত হোৱা শিক্ষাৰ্থীসকলৰ বাবে আজি এইচডিএফচি বেংকে ক'ভিড সংকট সমৰ্থন বৃত্তি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বৃত্তিটো এইচডিএফচি বেংকৰ সামাজিক দায়বদ্ধতাৰ পৰিৱৰ্তনৰ এক অংশ। 

এই বৃত্তি কাৰ্যসূচীটো বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্লোমা পাঠ্যক্ৰম পঢ়ি থকা শিক্ষাৰ্থীসকলৰ বাবেও হ'ব।এই বৃত্তি আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক এককালীনভাৱে  ১৫,০০০ টকাৰ পৰা ৭৫,০০০ টকালৈকে বিত্তীয় সাহায্য প্ৰদান কৰিব বেংকে।কাৰ্যসূচীটো সেই শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ, যিয়ে:

১) তেওঁলোকৰ পিতৃ-মাতৃ(বোৰ)ৰ দুয়োটাকে হেৰুৱালে

২)মহামাৰীৰ সময়ছোৱাত উপাৰ্জনকাৰী পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ চাকৰি (বা জীৱিকা)হেৰুৱাইছে।

এই বেংকে পৰিৱৰ্তন ক'ভিড সংকট সমৰ্থন বৃত্তিৰ বাবে ৯ কোটি টকাৰ পুঁজি গঠন কৰিছে। 

পৰিৱৰ্তন ক'ভিড সংকট সমৰ্থন বৃত্তিয়ে দুটা শ্ৰেণীৰ অধীনত প্ৰায় ৩,২০০জন শিক্ষাৰ্থীক সহায় কৰিব:

● বিদ্যালয়ে (দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) প্ৰায় ১,৮০০ শিক্ষাৰ্থীক সামৰিব

● মহাবিদ্যালয়ে (ডিপ্লোমা, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম) প্ৰায় ১,৪০০ শিক্ষাৰ্থীক সামৰিব। 

এই সম্পৰ্কে ব্যৱসায় বিত্ত আৰু ৰণনীতি, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গ্রুপ হেড অসীমা ভাটে কয়-"শিক্ষাৰ্থীসকল আমাৰ দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ শিক্ষা গুৰুত্বপূৰ্ণ। মহামাৰীয়ে সমগ্ৰ দেশৰ বহুতো পৰিয়াল আৰু শিক্ষাৰ্থীক শিক্ষাৰ ক্ষেত্ৰত বিপদাশংকাত পেলাইছে। এই সংকটৰ সময়ত, আমি প্ৰতিভাশালী যুৱ ব্যক্তিসকলক সমৰ্থন কৰাত বিশ্বাস কৰো, যিসকলে মহামাৰীৰ বাবে কষ্টৰ মাজেৰে দিন পাৰ কৰিছে আৰু বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ পৰা বাদ পৰাৰ আশংকা আছে।এজন সামাজিকভাৱে দায়বদ্ধ কৰ্পোৰেট নাগৰিক হিচাপে আমি সকলো ধৰণে আমাৰ সম্ভৱপৰ সমৰ্থন আগবঢ়াম। সেয়েহে আমি ক'ভিড প্ৰভাৱিত শিক্ষাৰ্থীক সকলক সমৰ্থনৰ বাবে এটা অতিৰিক্ত বৃত্তি কাৰ্যসূচী আৰম্ভ কৰিছোঁ।"যিসকল শিক্ষাৰ্থীৰ বাৰ্ষিক পাৰিবাৰিক আয় বছৰি ৬ লাখ টকাতকৈ কম আৰু তেওঁলোকে ভাৰতীয় ব'ৰ্ড আৰু বিশ্ববিদ্যালয়সমূহত অধ্যয়নৰত আছে, সেইসকলে আবেদন কৰিবলৈ যোগ্য। এই সংকট সমৰ্থন বৃত্তি হৈছে বিশেষকৈ সেই শিক্ষাৰ্থীসকলৰ বাবে, যিসকলে মহামাৰীৰ ফলত আৰ্থিক সীমাবদ্ধতাৰ বাবে শিক্ষাৰ পৰা বাদ পৰাৰ পথত আছে। এই বৃত্তি কাৰ্যসূচীটো বাডি৪ষ্টাডি ইণ্ডিয়া (Buddy4Study India) ফাউণ্ডেচনৰ দ্বাৰা পৰিচালনা কৰা হ'ব, যিটোৱে ভাৰতৰ সৰ্ববৃহৎ বৃত্তি মঞ্চ এটা আয়োজন কৰে। আগ্ৰহী শিক্ষাৰ্থীসকলে এই লিংক ব্যৱহাৰ কৰি বৃত্তিৰ বাবে আবেদন কৰিব পাৰে।লিংক: https://www.buddy4study.com/page/hdfc-bank-parivartans-covid-crisis-support-scholarship-program। এইটো বেংকৰ দ্বাৰা পৰিচালিত দ্বিতীয় বৃত্তি কাৰ্যসূচী। এইচডিএফচি বেংকৰ এটা ফ্লেগশ্বিপ কাৰ্যসূচী– শৈক্ষিক সংকট সমৰ্থন বৃত্তি (ইচিএছএছ)আছে, যিটো বছৰি চলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here