অসমত বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলী খান - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 10 July 2021

demo-image

অসমত বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলী খান

Responsive Ads Here

 #sara ali khan#assam#documentary

IMG-20210710-WA0018




W7s News, দীপাঞ্জলি ডেকা : অসমলৈ আহিছে বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলী খান। অসম আৰক্ষীৰ মান্দাকাটা কমাণ্ডো বেটেলিয়নত বলীউডৰ মোহময়ী অভিনেত্রী ছাৰা আলি খান ব্যস্ত হৈ আছে শ্বুটিঙত। 'বীৰাংগনা'ৰ আধাৰত নিৰ্মাণ হ'বলগীয়া এখন তথ্যচিত্রৰ বাবে শ্বুটিঙত ব্যস্ত অভিনেত্রী গৰাকী। 

শনিবাৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে তথা বলিউডৰ অভিনেতা ছইফ আলী খান আৰু অমৃতা সিঙৰ তনয়া অসম ভ্ৰমণক লৈ উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। উল্লেখ্য, ডিস্ক'ভাৰী চেনেলযোগে বীৰাংগনাৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰা হ'ব। দৰ্শকে অসমৰ বীৰংগনাৰ ৰূপত দেখা পাব বলীউডৰ মোহময়ী অভিনেত্ৰী তথা 'কেদাৰ নাথ', 'চিম্বা' আদি চলচ্চিত্ৰত সুন্দৰ অভিনয়েৰে দর্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰা ছাৰা আলী খানক। এই তথ্যচিত্ৰখনৰ শীর্ষক হৈছে 'মিছন ফ্ৰণ্টলাইন'। বিশ্বদৰবাৰত জিলিকি উঠিব অসমৰ সাহসী জীয়াৰীৰ বীৰ গাথা। বীৰাংগনা' সকলে কৰা কঠোৰ অনুশীলনৰ, সংগ্ৰামৰ ছবি ফুটি উঠিব মোহময়ী ছাৰা আলী খানৰ অভিনয়ত। উল্লেখ্য, অতিশীঘ্ৰে ডিস্ক'ভাৰী চেনেলযোগে এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *