আজি চি পি আই (এম)ৰ ৰাজ্যজুৰি প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 July 2021

আজি চি পি আই (এম)ৰ ৰাজ্যজুৰি প্ৰতিবাদ

 নিৰ্বাচিত বিধায়কৰ ভূমিকা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ধিক্কাৰ 





W7s News, ষ্টাফৰিপোৰ্টাৰ:

সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডৰ এখন সভাত ৬ জুলাইত  ভাষণ প্ৰদান কৰি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত বিধায়কসকলৰ ভূমিকা  সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই কৰা অগণতান্ত্ৰিক আৰু অসাংবিধানিক মন্তব্যক ধিক্কাৰ জনাই কাইলৈ চি পি আই (এম) ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যই  ৰাজ্যত স্বেচ্ছাচাৰী শাসন প্ৰৱৰ্তনৰ ইংগিত বহন কৰা বুলি চি পি আই (এম) দলে দৃঢ় মত পোষণ কৰে। পাৰ্টিয়ে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ  স্বৈৰতান্ত্রিক আচৰণৰ প্ৰতিবাদ কৰিবলৈ ৰাজ্যৰ সকলো গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ জনসাধাৰণ আৰু দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত ক'ভিড প্ৰট'কল আৰু স্বাস্থ্যবিধিসমূহ পালন কৰিয়েই  প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। গুৱাহাটী ক্লাবৰ কাষৰ  ৰ'টাৰী (বেজবৰুৱা পার্ক)তো দিনৰ ১১-৩০ বজাত  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । এই কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী কেন্দ্ৰীয় আৰু পাণবজাৰ আঞ্চলিক কমিটিৰ লগতে পাৰ্টিৰ ৰাজ‍্যিক নেতৃত্বই অংশগ্ৰহণ কৰিব। ৰাজ্যত সংসদীয় গণতন্ত্ৰৰ ৰীতি-নীতি আৰু গণতান্ত্ৰিক প্ৰমূল্যসমূহক সুৰক্ষিত কৰাৰ বাবে আগুৱাই আহিবলৈ চি পি আই (এম) দলৰ হৈ চি পি আই(এম) অসম ৰাজ‍্যিক কমিটিৰ  

 সম্পাদক  দেবেন ভট্টাচাৰ্যই ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here