৪০ দিনত ৩০ টা 'এনকাউন্টাৰ', যোৱা ২৪ ঘন্টাত ৪ জনক গুলিয়াই মাৰিলে আৰক্ষীয়ে : অসমক স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ দিশে গতি কৰোৱাইছে মুখ্যমন্ত্ৰীয়ে-* অসম জাতীয় পৰিষদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 9 July 2021

৪০ দিনত ৩০ টা 'এনকাউন্টাৰ', যোৱা ২৪ ঘন্টাত ৪ জনক গুলিয়াই মাৰিলে আৰক্ষীয়ে : অসমক স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ দিশে গতি কৰোৱাইছে মুখ্যমন্ত্ৰীয়ে-* অসম জাতীয় পৰিষদ

 





W7s News,নিউজ ডেস্ক : 

# আমি সকলোৱে এখন অপৰাধ-মুক্ত সমাজ বিচাৰো। অপৰাধীয়ে কঠোৰ শাস্তি পোৱাটো বিচাৰো। শুকুৰবাৰে 

অসম জাতীয় পৰিষদৰ মুখ্যকার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইদৰে কয় পৰিষদৰ সাধাৰণ সম্পাদক

জগদীশ ভূঞাই। তেওঁ লগতে কয় '  আমাৰ দেশত অপৰাধীক শাস্তি দিবৰ বাবে সাংবিধানিক বিধি-ব্যৱস্থা আছে৷ IPC, Cr PC আদি  বিধান আছে। এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিব, ক্ষীপ্ৰতাৰে আৰু নিৰপেক্ষভাবে তদন্ত কৰিব, যথাসময়ত আদালতত অভিযোগনামা দাখিল কৰিব, আদালতে বিচাৰ কৰিব আৰু অপৰাধীক শাস্তি দিব, এইটোৱেই হ’ল প্ৰচলিত ব্যৱস্থা।  এই দায়িত্বসমূহ আৰক্ষী বিভাগে সঠিক ভাবে পালন কৰিছিল নে কৰা নাছিল, সেইটোহে পৰীক্ষা কৰিব লগা বিষয়। যদি কৰা নাছিল, সংস্কাৰৰ ব্যৱস্থা কৰাটোহে এখন নতুন চৰকাৰৰ দায়িত্ব (যদিও অসমত একেটা দলৰ চৰকাৰ পূৰ্বৰ কাৰ্যকালতো আছিল)৷

 কিন্তু অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চলিত বছৰৰ ৫ জুলাইত আৰক্ষী বিভাগৰ সৈতে হোৱা বৈঠকত আৰক্ষী বিভাগক এটা ‘গাইড লাইন’ দিছে আৰু অতি দাম্ভিকতাৰে ঘোষণা কৰিছে যে "এতিয়া এইটোৱেই পেটাৰ্ণ হ’ব৷"

'পেটাৰ্ণ'টো হ’ল, "অপৰাধী পলালে গুলিয়াব লাগে৷"আৰক্ষীয়ে কি পৰিস্থিতিত গুলিয়াব পাৰে, এই সম্পৰ্কত প্ৰতিষ্ঠিত আইনে কি কয় ?*

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ১৯৯৭ চনৰ ২৯ মাৰ্চত দেশৰ আটাইকেইখন ৰাজ্যলৈ লিখা চিঠিত স্পষ্টভাৱে উল্লেখ কৰিছে যে আৰক্ষীয়ে মাত্ৰ দুটা ক্ষেত্ৰতহে ‘অপৰাধী’ক গুলি কৰিব পাৰে:

- ১) IPC-ৰ ৯৬ ধাৰা মতে, যেতিয়া আৰক্ষীৰ লোকৰ নিজৰ প্ৰাণৰ প্ৰতি অভিযুক্তজনৰ পৰা ভাৱুকি আহে৷ অৰ্থাৎ কেৱল আত্মৰক্ষাৰ প্ৰয়োজনত৷ IPCৰ ৯৬ৰ পৰা ১০৬ ধাৰালৈ ইয়াৰ ব্যাখ্যা দিয়া হৈছে৷ 

- ২) Cr PC-ৰ ৪৬ নং ধাৰা মতে, আদালতৰ দ্বাৰা মৃত্যুদণ্ডৰ আদেশ পোৱা ব্যক্তি বা মৃত্যু দণ্ড পাব পৰা অপৰাধ কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষীয়ে বল প্ৰয়োগ কৰিব পাৰে (বল প্ৰয়োগৰ সর্বোচ্চ সীমা মৃত্যু পৰ্যন্ত)৷ কিন্তু সেই বল প্ৰয়োগৰ যথাৰ্থতা উপযুক্ত অনুসন্ধানৰ দ্বাৰা নিশ্চিত হ’ব লাগিব৷

উল্লিখিত দুটা কাৰণৰ বাহিৰে আৰক্ষীৰ হাতত কোনো লোকৰ মৃত্যু হ’লে নিৰ্দিষ্ট আৰক্ষী হত্যাৰ অভিযোগত (Culpable Homicide) অভিযুক্ত হ’ব আৰু সেই গোচৰত বিচাৰ চলিব৷  

ভাৰতীয় দণ্ড বিধি (IPC)ৰ 120B, 121, 132, 194, 195A, 302, 305 , 307 (2), 364A, 376A, 376AB, 376 DB, 376E আৰু 396 ধাৰাত মৃত্যুদণ্ড পাব পৰা অপৰাধসমূহৰ কথা উল্লেখ কৰা হৈছে৷ এই সকলো গোচৰৰ ক্ষেত্ৰত কেৱল আদালতেহে মৃত্যুদণ্ড দিব পাৰে; আৰক্ষীৰ ওচৰত মৃত্যুদণ্ড দিয়াৰ কোনো ক্ষমতা নাই৷  সেয়েহে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰক্ষীক পোনপটীয়াকৈ ‘গুলিয়াই দিয়াৰ নিৰ্দেশ’ দিয়া বিষয়টোয়ে কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰে৷ মুখ্যমন্ত্ৰীয়ে উক্ত বক্তব্য সেইটো সময়ত প্ৰদান কৰিছে  যি সময়ত নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছত এতিয়ালৈ _যোৱা মাত্ৰ ৪০ দিনত ৩০ টা 'এনকাউন্টাৰ'_ সংঘটিত হৈছে৷ অকল _বিগত ২৪ ঘন্টাত অসম আৰক্ষীয়ে ৪ জন লোকক গুলিয়াই হত্যা_ কৰিছে৷ আমাৰ দেশত অপৰাধ নিয়ন্ত্ৰণৰ এনে সুনিৰ্দিষ্ট বিধি-ব্যৱস্থা আছে কাৰণেই আমাৰ দেশৰ আইন ব্যৱস্থাক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ বুলি কোৱা হয়৷ 

কিন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো ‘পেটাৰ্ণ’ত অপৰাধ ‘নিয়ন্ত্ৰণ’ কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিছে, আৰু তাৰ ভিত্তিত ধাৰাবাহিকভাৱে 'এনকাউন্টাৰ' সংঘটিত হৈ আছে, ই আমাৰ দেশৰ স্বীকৃত আৰু প্ৰচলিত বিধি-ব্যৱস্থাৰ সম্পূৰ্ণ বিপৰীত৷ এই ‘পেটাৰ্ণ’ বহুকেইটা দিশৰ পৰা ভয়াৱহ, চিন্তা উদ্ৰেককাৰী আৰু চৰকাৰৰ উদ্দেশ্যত প্ৰশ্ন/সন্দেহ কৰিব পৰা বিধৰ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত উদ্ৰেক হোৱা এতিয়া প্ৰশ্ন হ’ল- 

- এতিয়া অপৰাধ নিৰ্মূল কৰাটো বিধিৰ দ্বাৰা স্থাপিত, সংবিধানৰ আধাৰত হ’ব নে এজন ব্যক্তিৰ ইচ্ছা সাপেক্ষে হ’ব?

- পূৰ্বৰ ১০ বছৰতো বোধহয় আৰক্ষীৰ হাতৰ পৰা ইমান অপৰাধী ‘পলোৱা’ নাছিল, যিমান অপৰাধী এই এমাহতে 'পলাই' গুলিবিদ্ধ হ’ল বা মৃত্যু হ’ল।

- এই এমাহত আৰক্ষীৰ দক্ষতা কমিল নেকি যে একাধিক আৰক্ষীয়ে এজন অপৰাধীক ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই, গুলিয়াব লগা হ’ল; হেন্ডকাফ লগোৱা নাছিল নেকি ? 

-এজন অপৰাধীক কৰায়ত্ব কৰোতে কি ধৰণৰ পৰিস্থিতি হ'লে আৰক্ষীয়ে কি কৰিব লাগিব, তাৰ সুনিৰ্দিষ্ট ব্যাখ্যা/নিৰ্দেশনা IPC, CrPC, Police Manual তথা অন্য বিধিসমূহত স্পষ্টভাৱে আগবঢ়োৱা হৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা এনে এটা ধাৰণা স্পষ্ট হয় যে কোনজন আচামি পলাব, সেয়া যেন মুখ্যমন্ত্ৰী/আৰক্ষীয়ে আগতীয়াকৈ জানে৷ তাৰ দ্বাৰা আচলতে আৰক্ষী বিভাগৰ এটা Pre-set মানসিকতা গঢ় দিবলৈ চেষ্টা কৰা হৈছে নেকি যে কিছুমান নিৰ্দিষ্ট আচামি পলাব আৰু সেয়ে গুলিওৱাৰ আগতীয়া প্ৰস্তুতি লৈ যাব লাগিব?

- অপৰাধ নিৰ্মূলৰ নামত, ডাঙৰ অপৰাধী চক্ৰক সুৰক্ষা দিয়াৰ স্বাৰ্থত 'মুখ বন্ধ' কৰাৰ বাবে গুলিয়াই সন্ত্ৰাস সৃষ্টি কৰিব বিচৰা হৈছে নেকি?

কাৰণ এই অবৈধ বেহাসমূহ দীৰ্ঘ দিন চলি থাকোতে এই ব্যৱস্থাটোত থকা একাংশ ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াই সহায় কৰি অহা নাছিল জানো ?

- গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে লোৱা ব্যৱস্থাক আদৰণি জনাইছো; কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই কোৱা ধৰণে যোৱা পাঁচ বছৰত হোৱা ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেনত কোন কোন জৰিত আছিল, মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবনে?

(গৰু ছিণ্ডিকেটত মাহে এহেজাৰ কোটিকৈ টকাৰ লেনদেন হয় বুলি মুখ্যমন্ত্ৰীয়ে নিজেই সদৰী কৰিছে ৷)

এতিয়া ‘অপৰাধ নিয়ন্ত্ৰণ’ৰ নামত চিণ্ডিকেটৰ কাণ্ডাৰীসকলকো ‘প্ৰমাণ নাইকীয়া কৰা’ৰ স্বাৰ্থত ‘এনকাউন্টাৰ’ কৰি দিয়া যে নহ’ব, সেয়া কেনেকৈ নিশ্চিত হ’ব পৰা যাব?

- ‘অপৰাধ নিয়ন্ত্ৰণ’ৰ নামত অবাধে গুলিওৱাৰ যিটো ‘পেটাৰ্ণ’ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, তাৰ অপব্যৱহাৰ হৈ সেই ‘পেটাৰ্ণ’ বিভিন্ন ধৰণৰ আক্ৰোশ পূৰণৰ ক্ষেত্ৰতো যে ব্যৱহাৰ নহ’ব তাৰ কি নিশ্চয়তা আছে?

সকলোয়ে জানে যে কাৰ্যপালিকা (মানে চৰকাৰ-প্ৰশাসন), বিধানমণ্ডল (সংসদ বা বিধান সভা) আৰু ন্যায়পালিকা (আদালতসমূহ) – এই তিনিটা স্তম্ভৰ ওপৰত আমাৰ দেশ চলি আছে৷ মুখ্যমন্ত্ৰীয়ে অলপতে ‘বিধায়সকলৰ কথা বিষয়াই বা আৰক্ষীয়ে নুশুনিব, অকল মন্ত্ৰীৰ কথাহে শুনিব’ বুলি কৈ বিধানমণ্ডলৰ গুৰুত্ব নাইকীয়া কৰি পেলাইছে৷ আনহাতে আৰক্ষীৰ হাতত ‘মৃত্যুদণ্ড বিহাৰ ক্ষমতা’ অৰ্পণ কৰি মুখ্যমন্ত্ৰীয়ে ন্যায়পালিকাৰ ভূমিকাকো স্পষ্টভাৱে নস্যাৎ কৰিছে৷ অৰ্থাৎ, মুখ্যমন্ত্ৰীয়ে অকল কাৰ্যপালিকাহে গুৰুত্বপূৰ্ণ বুলি যিটো বাৰ্তা দিছে, সেয়া স্পষ্টভাৱে ভাৰতৰ সংবিধান উলংঘাকাৰী৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে অসমখনক সম্পূৰ্ণৰূপে স্বৈৰাচাৰী শাসনৰ দিশলৈ যে লৈ গৈ আছে, সেয়া  স্পষ্ট হৈ পৰিল৷ আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here