ধৰ্মান্তকৰণ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী - হিন্দু যুৱ-ছাত্র পৰিষদ অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 July 2021

ধৰ্মান্তকৰণ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী - হিন্দু যুৱ-ছাত্র পৰিষদ অসমৰ

 



W7s News ষ্টাফৰিপোৰ্টাৰ  : ধৰ্মান্তকৰণ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক দাবী জনাইছে হিন্দু যুৱ-ছাত্র পৰিষদ অসমে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত  এই আহ্বান জনায় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই। তেওঁ লগতে কয় ' অসমৰ খিলঞ্জীয়া হিন্দু সকলৰ বাবে অতিকে দুৰ্ভাগ্যজনক যে নামনি অসমত পূর্ববংগীয় মূলৰ মুছলমান জনবিষ্ফোৰণত বিধ্বস্ত হোৱা হিন্দুসকল উজনি অসমতো নিৰাপদ নহয়। তদুপৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ দুজনাই দি যোৱা অৱদানকো  চৰম অপমান কৰিছে। অলপতে ডিব্ৰুগড় জিলাৰ মৰাণৰ ১ নং দোমৰ দলং নামৰ ঠাইত ৰঞ্জন চুতীয়া নামৰ এজন খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকে 'ৱৰ্ল্ড হিলিং প্রেয়াৰ চেণ্টাৰ' নামৰ এটা সংগঠনৰ জৰিয়তে গীৰ্জাঘৰ স্থাপন কৰি সন্মুখৰ ফালে যিশুখ্ৰীষ্টৰ মূৰ্ত্তিৰ তলত 'নামঘৰ' বুলি নামঘৰৰ পবিত্ৰতাক আঘাত হানাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে। ইয়াৰোপৰি গুৰুজনাৰ প্ৰবৰ্তিত নৱবৈষ্ণৱ আৰ্হিৰে খোল-তাল, নাগাৰা আদি দেৱ বাদ্যৰে নাম প্রসংগীয়া তথা কৰ্তনীয়া সুৰত তেওঁলোকে যিশুখ্ৰীষ্টৰ প্ৰাৰ্থনা কৰি অসমীয়া লোকসকলক আকৰ্ষণ কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে। প্ৰথমে আকৰ্ষণ আৰু পিছলৈ ধৰ্মান্তকৰণ কৰা হয়। সমগ্ৰ উজনি অসম আজি খ্ৰীষ্টান মিছনাৰীৰ ধৰ্মান্তকৰণৰ কৰাল গ্ৰাসত সোমাই পৰিছে। মাজুলীতে আজি ৩৪খন সত্ৰৰ বিপৰীতে স্থাপন হোৱা ৬৬ টা গীৰ্জাই ইয়াৰ প্ৰমাণ দাঙি ধৰিছে। সেয়ে এই ষড়যন্ত্ৰমূলক ধৰ্মান্তকৰণৰ বিৰুদ্ধে চৰকাৰে এক কঠোৰ আইন প্ৰণয়ন কৰাৰো অতি প্ৰয়োজনীয়তা আহি পৰিছে। এই সন্দৰ্ভত আমি ২৪ জুলাইত গীতানগৰ থানাত  এজাহাৰ আৰু ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ। তদুপৰি এই সম্পৰ্কে মৰাণ থানাত ভাৰতীয় দণ্ড বিধিৰ ১৫৩ এ ২৯৫ ৰ অধীনত ১৩৫/২১ নং গোচৰ ৰুজু কৰা হৈছে যদিও আজিলৈকে এই কাৰ্য সংঘটিত কৰা সকলক আটক কৰা হোৱা নাই। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত নিজেই মহন্ত পৰিয়ালৰ হৈ আজি পৰ্যন্ত কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে

এনে কাৰ্যৰ বিহীত ব্যৱস্থা লবলৈ আমি চৰকাৰক দাবী জনালোঁ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here