২৬ জুলাইঃ কিউবা সংহতি দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 July 2021

২৬ জুলাইঃ কিউবা সংহতি দিৱস

 



কিউবাৰ ওপৰত আমেৰিকাৰ দ্বাৰা আৰোপিত

অমানৱীয় অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী



W7s News ষ্টাফৰিপোৰ্টাৰ : 

কিউবাৰ ওপৰত আমেৰিকাৰ দ্বাৰা আৰোপিত

অমানৱীয় অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবীত সোমবাৰে ২১ টা বাওঁ-

গণতান্ত্ৰিক সংগঠনে  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰীত বাওঁ-গণতান্ত্ৰিক সংগঠন এছ এফ আই, এ আই এছ এফ, এ আই এছ এ, ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ডব্লিউ, অসম মহিলা সংঘ, এ আই চি চি টি ইউ, এ আই টি ইউ, চি আই টি ইউ, এ আই কে এছ, অসম ৰাজ্যিক কৃষক সভা, নতুন সাহিত্য পৰিষদ, আই পি টি এ, আই এছ চি এ এফ, এ আই এল ইউ, এ আই ডি এছ অ', এ আই ডি ৱাই অ', এ আই এম এছ এছ আৰু এ আই ইউ টি ইউ চি ৰ উদ্যোগত কিউবা সংহতি দিৱস উদযাপন কৰি আমেৰিকাৰ দ্বাৰা আৰোপিত

অমানৱীয় অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে ।

এই কাৰ্যসূচীৰ জৰিয়তে বামপন্থী নেতা সুপ্ৰকাশ তালুকদাৰে কয় ' আমেৰিকা পৰা মাত্ৰ ৯০ কিলোমিটাৰ দূৰত্বত থকা লেটিন আমেৰিকাৰ এখন দেশ হ'ল সমাজতান্ত্ৰিক কিউবা। জনসংখ্যা ১ কোটি ১০ লাখ। ১৯৫৩ চনৰ ২৬ জুলাইৰ দিনটোত ফিডেল কােষ্ট্ৰা আৰু তেওঁৰ সহযোগী সকলে একনায়কত্ববাদী বাতিষ্টাৰ অপশাসনৰ বিৰুদ্ধে গৰ্জি উঠি বাতিষ্টাৰ শাসন ওফৰাবলৈ ‘মনকাডা গেৰিচন' (Moncada Garisson)ত অভিযান চলায়। অৱশ্যে এই অভিযান বিফল হয় আৰু ফিডেল কােষ্ট্ৰাৰ কেইবাগৰাকী সহযোদ্ধা নিহত হয়। ইয়াৰ মাজেৰেই কিউবাত ২৬ জুলাই আন্দোলনে আত্মপ্ৰকাশ কৰে। বাতিষ্টা বিৰোধী সংগ্ৰাম কিউবাৰ চুকে-কোণে বিয়পি পৰে। বহু ঘাত প্ৰতিঘাত পাৰ হৈ অৱশেষত ১৯৫৯ চনত ফিডেল কােষ্ট্ৰাৰ নেতৃত্বত কিউবাই বাতিষ্টা চৰকাৰক উৎখাত কৰিবলৈ সক্ষম হয়। নতুন সমাজতান্ত্ৰিক কিউবাই আত্মপ্ৰকাশ কৰে।

সমাজতান্ত্ৰিক কিউবা জন্মলগ্নৰে পৰা আমেৰিকাৰ সীমাহীন চক্ৰান্তৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে। আমেৰিকাৰ একমাত্ৰ লক্ষ্য চলে বলে কৌশলে কিউবাৰ সমাজতান্ত্ৰিক ব্যৱস্থা উৎখাত কৰা। আমেৰিকাই কিউবাক এক বিপদ হিচাপেই গণ্য কৰি আহিছে। আমেৰিকাৰ বাবে কিউবাৰ বিপদ সামৰিক নহয়। বিপদ আদৰ্শগত আৰু সেই কাৰণেই বিগত ৬০ বছৰে আমেৰিকাই কিউবাৰ ওপৰত চৰম অমানৱীয় আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰি আহিছে। কিউবাৰ মূল উৎপাদিত সামগ্ৰী হ'ল কুঁহিয়াৰ আৰু ধপাত। খাদ্য সামগ্ৰীৰ বাবে কিউবাই আমদানিৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰশীল। পেট্ৰ'লজাত সামগ্ৰীও কিউবাই আমদানি কৰিব লগা হয়। সমাজতান্ত্ৰিক ছ'ভিয়েট ইউনিয়নৰ পতনৰ পিছত আমেৰিকাৰ আৰ্থিক নিষেধাজ্ঞাৰ ফলত দেশখন ভয়াৱহ সংকটৰ সন্মুখীন হয়। তথাপিও শিক্ষা, স্বাস্থ্য আদি বিষয়ত কিউবাই চমকপ্ৰদ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। ক'ভিড' ১৯ পৰিস্থিতিয়ে কিউবাৰ অৰ্থনীতি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। মুঠ ঘৰুৱা উৎপাদন ১১ শতাংশ হ্ৰাস পাইছে। তথাপি বিভিন্ন দেশলৈ কিউবাই চিকিৎসক প্ৰেৰণ কৰি মানবিক আন্তৰ্জাতিক দায়িত্ব পালন কৰিছে। ক'ভিড' ১৯ পৰিস্থিতিয়ে সৃষ্টি কৰা আৰ্থিক সংকটৰ সময়তে কিউবাক আৰু অধিক শলঠেকত পেলাবলৈ আমেৰিকাই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ একমাত্ৰ উদ্দেশ্য কিউবাৰ সমাজতান্ত্ৰিক শাসন ব্যৱস্থা ভূলুণ্ঠিত কৰা। খাদ্য সামগ্ৰী, খাৰুৱা তেল, ঔষধ পাতি উৎপাদনৰ বাবে প্ৰয়োজনীয় কেচা মাল, পৰ্যটন আদি সকলো দিশত আমেৰিকাৰ নিষেধাজ্ঞাৰ ফলত দেশখনত এতিয়া চৰম সংকটে দেখা দিছে। আমেৰিকাৰ এই অমানৱীয় নিষেধাজ্ঞাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তত গণতান্ত্ৰিক ব্যক্তিসকলে জনমত গঠন কৰাৰ প্ৰয়াস কৰিছে। সেই বাবেই ‘২৬ জুলাই আন্দোলন দিৱস'ত বিশ্বৰ দেশে দেশে পালিত হৈছে ‘কিউবা সংহতি দিৱস'। আমেৰিকাৰ বিভিন্ন চহৰতো এই অমানৱীয় নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ ধ্বনিত হৈছে। ১৯৫৯ চনত বিপ্লৱ সংগঠিত হোৱাৰ পিছৰে পৰা সমাজতান্ত্ৰিক কিউবাই আমাৰ দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। ভাৰতবৰ্ষৰ নেতৃত্বত শক্তিশালী হোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰো অন্যতম উদ্যোক্তা দেশ আছিল কিউবা। ৯০১ দশকত কিউবাত হোৱা চৰম খাদ্য সংকটৰ সময়ত আমাৰ দেশৰ জনসাধাৰণে খাদ্য সামগ্ৰী সংগ্ৰহ কৰি দেশখনলৈ প্ৰেৰণ কৰি আমেৰিকাৰ চৰকাৰৰ প্ৰতি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল। কিউবাৰ জনসাধাৰণক চৰম সংকটৰ মুখলৈ ঠেলি দি জনসাধাৰণৰ মাজত অসন্তোষ সৃষ্টি কৰি সমাজতান্ত্ৰিক কিউবাৰ পতনৰ সপোন দেখা আমেৰিকাই সমাজতান্ত্ৰিক বিপ্লৱ যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰাৰ বাবে কিউবাৰ জনসাধাৰণৰ মতাদৰ্শগত দৃঢ়তাৰ বাবে বাৰে বাৰে বিফল হৈছে। কিউবাৰ জনসাধাৰণ সেইবাবেই সমগ্ৰ বিশ্বৰ বাবে এক অন্যতম প্ৰেৰণাৰ উৎস।' 


এই কাৰ্যসূচীত নাৰীবাদী নেত্ৰী অসমী গগৈয়ে বক্তব্য আগবঢ়ায়।


ভাৰতবৰ্ষৰ গণতান্ত্ৰিক লোকসকলে কিউবাৰ ওপৰত আমেৰিকাই আৰোপ কৰা অমানৱীয় আৰ্থিক নিষেধাজ্ঞা কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে ভাৰতৰ পৰীক্ষিত বন্ধু ৰাষ্ট্ৰ কিউবাৰ কাষত দৃঢ় ভাৱে ঠিয় দিয়াৰ বাবে ভাৰত চৰকাৰক আহবান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here