টিৰাপ জনজাতি স্বায়ত্ত শাসিত পৰিষদৰ দাবী জনাইছে- টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

টিৰাপ জনজাতি স্বায়ত্ত শাসিত পৰিষদৰ দাবী জনাইছে- টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ

 '




W7s News, ষ্টাফৰিপোৰ্টাৰ :টিৰাপ জনজাতি স্বায়ত্ত শাসিত পৰিষদৰ দাবী জনাইছে- টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিয়ে।  বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত ট্ৰাইবেল ৰেষ্ট হাউচত অনুষ্ঠিত এখন সংবাদমেলত পৰিষদে এই দাবী উত্থাপন কৰে। সংবাদমেলত টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ কাৰ্যকৰী সভাপতি পল্লৱ শ্যাম ৱাইলুঙে কয় 'অসমৰ অন্যতম খিলঞ্জীয়া তথা জনজাতি জনগোষ্ঠী চিংফৌ, টাংচা, চেমা, টাই খাময়াং, টাই তুৰুং, খামতি, টাই ফাকে আৰু টাই আইটন আদিৰ বসতিস্থল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিৰাপ জনজাতি স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিবলৈ আমি চলিত মাহৰ ১১ আৰু ১৪ জুলাইত ৰাজ্য 

চৰকাৰৰ শিক্ষা, সমতল জনজাতিৰ কল্যাণ, পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰি দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি স্বায়ত্ত শাসিত পৰিষদত ১৩৬ খন গাঁও অন্তৰ্ভুক্ত কৰিবলৈ গাঁও সমূহৰ এখন তালিকা মন্ত্ৰীক প্ৰদান কৰিছোঁ। তালিকাখনৰ জৰীয়তে ৮৭ খন গাঁও কেন্দ্ৰীয় অঞ্চল আৰু ৪৯ খন গাঁও উগ্ৰপন্থীয় পদ্ধতিৰে প্ৰস্তাবিত পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছোঁ। আমি চলিত বছৰৰ ১৯ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটাত সাক্ষাৎ কৰি টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদখন গঠন কৰিবলৈ দাবী জনাইছোঁ। টিৰাপ ট্ৰাইবেল বেল্ট তথা প্ৰস্তাবিত পৰিষদত বসবাস কৰি অহা জনজাতি সকলে দীৰ্ঘদিন ধৰি বিভিন্ন ক্ষেত্ৰত বঞ্চনা আৰু অৱহেলাৰ পাত্ৰ হৈ আহিছে লগতে অস্তিত্বৰ সংকটত পৰিছে। বিশেষকৈ ট্ৰাইবেল বেল্টত হোৱা বেদখল, উদ্যোগীকৰণ তথা বিভিন্ন মাফিয়া শ্রেণীলোকৰ প্ৰতিপত্তিত খিলঞ্জীয়া লোকসকল যথেষ্ট ভাবুকিৰ সন্মুখীন হৈ আহিছে। তদুপৰি ১৯৮৫ চনৰ পৰা টিৰাপ ট্ৰাইবেল বেল্টৰ প্ৰশাসনীয় পৰিচালনাৰ বাবে থকা এছিষ্টটেণ্ট পলিটিকেল অফিচাৰ (এ পি অ') পদটো ষড়যন্ত্ৰমূলকভাৱে বিলুপ্তি কৰা হৈছে। সেই পদটো পুনৰ বাহাল ৰাখিবলৈ আৰু ট্ৰাইবেল বেল্টৰ জনগোষ্ঠী সমূহক নিৰাপত্তা দিবলৈ আমি স্মাৰক পত্ৰ যোগে দাবী জনাইছোঁ।' সংবাদমেলত দাবী সমিতিৰ সভাপতি মুঙদাম গাম চিং ফৌৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here