তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল; 'জনসংযোগ বাতৰি'ৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 July 2021

তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ সংবাদমেল; 'জনসংযোগ বাতৰি'ৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ

 


প্ৰকৃত, সত্য আৰু তথ্যভিত্তিক বাতৰিৰে ৰাইজৰ বাবে 'জনসংযোগ বাতৰি'


W7s, News ষ্টাফৰিপোৰ্টাৰ: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী  পীযুষ হাজৰীকাই শুকুৰবাৰে দিছপুৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰা এক অনুষ্ঠানত সাংবাদিকসকলক সম্বোধন কৰে। আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা 'জনসংযোগ বাতৰি'ৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ৰাজ্যৰ বিভিন্ন স্থানত বিভাগটোৱে স্থাপন কৰা প্ৰায় ১,৬০০ স্থায়ী অনুভাষ যন্ত্ৰ (Fixed Loudspeaker System, FLS) ৰ জৰিয়তে পুৱা ৯.৩০ বজাত আৰু সন্ধিয়া ৬.৩০ বজাত এই বাতৰি সম্প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ উল্লেখযোগ্য বাতৰিসমূহ সামৰি সপ্তাহত দুবাৰকৈ সম্প্ৰচাৰ কৰা হ'ব 'জনসংযোগ বাতৰি’।

সাংবাদিকক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকৃত আৰু তথ্যভিত্তিক বাতৰিৰ জৰিয়তে যাতে ৰাজ্য চৰকাৰৰ প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিৰ খবৰ জনগণক দিব পৰা যায়, সেয়াই এই বাতৰিৰ প্ৰধান উদ্দেশ্য হ'ব । আনহাতে এই বাতৰি সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিস্থিত হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জনায় যে যদি কোনো ব্যক্তিয়ে এই বাতৰি সত্যৰ ওপৰত প্ৰতিস্থিত নহয় বুলি অনুভৱ কৰে, তেওঁলোকে বিভাগ অথবা মন্ত্ৰীগৰাকীক পোনপটীয়াকৈ তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিব পাৰে | আনহাতে "ৰাইজৰ বাতৰি"ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে পৰামৰ্শ কামনা কৰে মন্ত্ৰীগৰাকীয়ে | উল্লেখযোগ্য যে কিছুদিনৰ আগতে মন্ত্ৰী পীযুষ হাজৰীকাই জনসংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোক অধিক ৰূপত গতিশীল কৰিবলৈ কিছু ব্যৱস্থা লোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল | আজি সম্প্ৰচাৰ আৰম্ভ কৰা 'জনসংযোগ বাতৰি'ক বিভাগটোক গতিশীল আৰু অধিক ৰূপত সক্ৰিয় কৰাৰ এটা ক্ষুদ্ৰ প্ৰয়াস বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে |    


মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ৰাজ্যখনৰ আৰু বহু স্থানত নতুনকৈ স্থায়ী অনুভাষ যন্ত্ৰ (Fixed Loudspeaker System, FLS) সংযুক্ত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। আজিৰ এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী, মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰেছ সচিব ধ্ৰুৱ মহন্ত আৰু বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here