সিদ্ধান্ত সলনি নকৰিলে ৭লাখ ছাত্ৰ ছাত্ৰীক ন্যায় প্ৰদানৰ বাবে আদালতৰ কাষ চাপিবলৈ বাধ্য হব আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ
W7s News, ষ্টাফৰিপোৰ্টাৰ :
৭ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছে আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে।এই সম্পৰ্কে আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীবে কয় 'কৰ'না মহামাৰীৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি চৰকাৰে সকলো ছাত্ৰ ছাত্ৰীক এক সুকীয়া পদ্ধতিৰ যোগেদি নম্বৰৰ সমূহ দি উত্তীৰ্ণ কৰাৰ ব্যৱস্থা কৰিছিল তাত আমাৰ ক'বলগীয় নাছিল কিন্তু শেহতীয়া ভাবে
যিটো ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে উক্ত নম্বৰ সমূহ চৰকাৰী যি কোনো নিযুক্তিৰ সময়ত গগনা কৰা নহ'ব তাৰ বাবে পুনৰ পৰীক্ষাত বহিব লাগিব উক্ত ঘোষণাটোৰ আমি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ লগতে অসমৰ এই ৭লাখ মানৱ সম্পদক ধ্বংসৰ মুখত ঠেলি দিয়া কাৰ্য্যটো অমানৱীয় আৰু অযুক্তিকৰ আখ্যা দিছোঁ । মানৱ সম্পদ সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব কিন্তু মানৱ সম্পদ ধ্বংস কৰিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক এই দায়িত্ব অসমৰ জনসাধাৰনে কোনো দিনে দিয়া নাই । নিজৰ জীৱনটো গঢ় দিয়াৰ প্ৰথম জখলা পাৰ কৰাৰ সময়তে তেওঁলোকক পংগু কৰি দিয়াৰ সিদ্ধান্ত অতি সোনকালে পূৰ্ণৰ বিবেচনা কৰি এক অনলাইন পদ্ধতিৰে অসমৰ অভিভাৱক সকলৰ মতামত লৈহে সিদ্ধান্ত লব লাগে পৰীক্ষা পাতিব লাগে নে নালাগে । চৰকাৰৰ এটা ক্ষুদ্ৰ ভুলৰ কাৰণে লাখ লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ অন্ধকাৰ নামি আহিব পাৰে । পৰীক্ষা হোৱা নোহোৱা লৈ ছাত্ৰ ছাত্ৰী সকল বহু দিনৰ পৰা এক মানসিক অশান্তিত ভুগি আছে তাৰ পিছতো এনেকুৱা অদ্ভূত নীতি নিৰ্ধাৰণ কৰিলে তেওঁলোক মানসিক ভাৱে দুৰ্বল হৈ পৰিব । সেয়েহে শিক্ষামন্ত্ৰীয়ে উক্ত বিষয় সমূহ পুনৰ বিবেচনা কৰি মানৱীয় দৃষ্টিভংগীৰে চাবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছতো যদি চৰকাৰে সিদ্ধান্ত সমূহ সলনি নকৰে আমি ৭ লাখ শিক্ষার্থীক ন্যায় প্ৰদানৰ স্বাৰ্থত উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ বাধ্য হব পৰিষদ ।'
No comments:
Post a Comment