'গ’ ফৰ গ্ল’ৰী' শীৰ্ষক লাভলীনা চাইকেল ৰেলী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 21 July 2021

'গ’ ফৰ গ্ল’ৰী' শীৰ্ষক লাভলীনা চাইকেল ৰেলী

 





W7s News ষ্টাফৰিপোৰ্টাৰ :' 

গ’ ফৰ গ্ল’ৰী লাভলীনা' শীৰ্ষক চাইকেল ৰেলী বুধবাৰে উলিওৱা হয়।  'ৰাজ্যবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে তাৰ বাবে আজি এটা পৰিৱেশ সৃষ্টি কৰা হ’ল। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। অনাগত দিনত আমাৰ ৰাজ্যৰ পৰা শিৱ থাপা,হিমা,লাভলীনা জন্ম হ’ব-এইদৰে কয়  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে অনুষ্ঠিত হোৱা গ` ফৰ গ্ল’ৰী লাভলীনা শীৰ্ষক চাইকেল সমদলটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়।  টকিঅ’ অলিম্পিকত যোগ্যতা অর্জন কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁইক উৎসাহিত কৰা লক্ষ্যৰে বুধবাৰে দিছপুৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল ৰেলী উলিওৱা হয়। এই অনুষ্ঠানতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক সম্বৰ্ধনা জনোৱা হয়। এই সমদলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা, বিধায়ক বিশ্বজিৎ ফুকনৰ   লগতে বহুকেইজন মন্ত্ৰী  বিধায়কে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here