#cattle #assamcattlepreservationbill2021 #assamlegislativeassembly #assam
W7s News, নিউজ ডেস্ক: বাজেট অধিৱেশনৰ প্ৰথমদিনাই বিধানসভাত কঠোৰ গো-সুৰক্ষা বিধেয়ক উত্থাপন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। The Assam Cattle Preservation Bill, 2021 নামেৰে উত্থাপন কৰা এই বিধেকৰ দ্বাৰা কাৰ্যতঃ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ প্ৰস্তাৱ ৰখা হৈছে গো-নিধন তথা গো-মাংসৰ বিক্ৰী। আনহাতে অসম বিধানসভাৰ বাজেট অধিবেশনত সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা "গো সুৰক্ষা" বিধেয়কৰ সিদ্ধান্তক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই আদৰণি জনাইছে বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে দলৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। লগতে, সভাপতি গৰাকীয়ে গো মাতৃৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাক সহ্য নকৰে আৰু এই ক্ষেত্ৰত সকলোকে সমৰ্থন কৰিবলৈ আহ্বান জনাইছে বুলি মুখ্য মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰিছে। গো মাতাৰ সুৰক্ষাৰ বাবে সোমবাৰে বিধান সভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই গোসুৰক্ষা বিধে য়কখন উত্থাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য তথা দেশৰ বুৰঞ্জীত এক নজীৰ বিহীন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ'ল বুলি সদৌ অসম দেৱালয় সঙ্ঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টা চাৰ্য্য আৰু প্ৰধান সম্পাদক কৈলাস শৰ্মাই আদৰণি জনোৱাৰ লগতে এই ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসম চৰকাৰে লোৱা এই ব্যৱস্থাৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় 'বিশ্বৰ সকলো ধৰ্মতকৈ প্ৰাচীন তথা আদিতম ধৰ্ম সনাতন ধৰ্মৰ অতি পূজনীয় গোমাতাক যিকো নো প্ৰকাৰে ৰক্ষাৰ দ্বায়িত্ব প্ৰতিগ ৰাকী সনাতন ধৰ্মীয় নাগৰিকৰ জন্মস্বত্ব কৰ্তব্য বুলি সভাপতি ভট্টাচাৰ্য্য আৰু প্ৰধান সম্পাদক কৈলাস শৰ্মাই উল্লেখ কৰি কয় ' এই ক্ষেত্ৰত শাসক পক্ষৰ লগতে বিৰোধী পক্ষইও সহযোগ- সমৰ্থন কৰাতো উচিত।'
No comments:
Post a Comment