অদীপ কুমাৰ ফুকনৰ 'সূৰ্যোদয় : উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হওঁক এটা সুকীয়া সময় মণ্ডল’ শীৰ্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 July 2021

অদীপ কুমাৰ ফুকনৰ 'সূৰ্যোদয় : উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হওঁক এটা সুকীয়া সময় মণ্ডল’ শীৰ্ষক গ্ৰন্থ উন্মোচন

 


অসমৰ ভেটি সবল কৰিবলৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব-শ্যামকানু মহন্ত


আমি সময় ৰাহি কৰিব পাৰিলে অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰিম-মীৰা বৰঠাকুৰ




উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় মণ্ডলৰ প্ৰয়োজন-অদীপ কুমাৰ ফুকন




W7s News ষ্টাফৰিপোৰ্টাৰ : 'অসমৰ ভেটি সবল কৰিবলৈ কৰ্ম সংস্কৃতি গঢ়ি তুলিব লাগিব। আমি ক'ভিডৰ লগত সহ: অৱস্থান কৰিব লাগিব।ক'ভিডৰ সময়ত অদীপ কুমাৰ ফুকনৰ 'সূৰ্যোদয় : উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হওঁক এটা সুকীয়া সময় মণ্ডল’ শীৰ্ষক গ্ৰন্থখন ক'ভিড কালত সহায়ক হ'ব।  সুন্দৰ সময়ত এই বিষয়টো লেখকে গ্ৰন্থখনৰ জৰিয়তে আনিছে-এইদৰে কয় প্ৰতিষ্ঠিত উদ্যোগী শ্যামকানু মহন্তই। সোমবাৰে গুৱাহাটীৰ  ৰাজগড় ৰোড (আইকন একাডেমীৰ ওচৰত) থকা

 নতুন সময়ৰ কাৰ্যালয়ত

এই গ্ৰন্থখনৰ অন্যতম উন্মোচকৰ বক্তব্যত তেওঁ লগতে কয় 'উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় মণ্ডলৰ প্ৰয়োজন। অসম তথা উত্তৰ- পূৰ্বাঞ্চল সম্পৰ্কে এতিয়াও বহুতে নাজানে। আমাৰ সূৰ্যোদয় যিহেতু আন বহু ঠাইতকৈ আগতে হয় সেয়ে আমি কাৰ্যালয়ৰ সময়ো আগবঢ়াই দিব লাগে। ইয়াৰ জৰিয়তে যদি ৰাজ্যখনৰ বিদ্যুৎৰ ৰাহি হয় সেয়া নিশ্চয় ইতিবাচক কথা। এঘণ্টা সময় যদি আমি আগবঢ়াই দিওঁ তেতিয়া হলে ক'ভিড সৃষ্ট পৰিবেশতো আমাৰ বিশেষ অসুবিধা নহ'ব। ' গ্ৰন্থখনৰ আন এগৰাকী উন্মোচক কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয় ' আমি সময় ৰাহি কৰিব পাৰিলে অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰিম। অসমত যদি এঘণ্টা সময় আগুৱাই নিলে ৫৫০ মেগাৱাট 

 বিদ্যুতৰ ৰাহি হয় সেয়া নিশ্চয় ইতিবাচক দিশ। পুৱা সতেজ মন লৈ তথা ভিটামিন ডি লাভ কৰাৰ লগতে অৰ্থনৈতিক ভাৱে লাভাম্বিত হ'ব। লগতে ঋণৰ বোজাও কমিব। চৰকাৰে এতিয়া চেভিংছ কৰিব লাগে।আগলৈও এনেদৰে গ্ৰন্থ লিখি যাওঁক অদীপ কুমাৰ ফুকনে। সময় উপযোগী গ্ৰন্থখন সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ।' আনহাতে গ্ৰন্থখনৰ লেখক,অসম জাতীয় পৰিষদৰ নেতা অদীপ কুমাৰ ফুকনে গ্ৰন্থখনৰ আঁৰৰ কথা উল্লেখ কৰি কয় ' অসম তথা উত্তৰ-পূৰ্বাঞ্চল সূৰ্যোদয় তথা সময়ৰ ক্ষেত্ৰত দেশৰ আন আন প্ৰান্ততকৈ আগবঢ়া৷ এই কথা তথ্য আধাৰিত আৰু এই আগবঢ়া সময়ৰ সুবিধা আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে গ্ৰহণ কৰিব লাগে৷ এই তথ্যৰ ওপৰত ভিত্তি কৰিয়েই শেহতীয়া গ্ৰন্থ ‘ গ্ৰন্থখন যুগুত কৰি উলিয়াইছোঁ৷ দেশৰ অৰ্থনৈতিক ভাৱে আগবঢ়া দিল্লী, গোৱা, কেৰালা, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, তামিলনাডুতকৈ অসমত প্ৰায় এঘণ্টা আগতে সূৰ্যোদয় হয়। সেয়ে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বাবে এটা সময় মণ্ডল সৃষ্টি কৰিব লাগে। অন্যথা আমি এঘণ্টা অপচয় কৰিব লগীয়া হয়। এঘণ্টা সময় ৰাহি হোৱাৰ ফলত অসমত ৫৫০ মেগৱাট ৰাহি হ'ব। সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰসমূহ

আৰু সাংসদসকলৰ লগতে সকলো পক্ষই কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব লাগে। অসম চৰকাৰে 

 এই ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ  বাবে এটা সুকীয়া সময় মণ্ডল নকৰা পৰ্যন্ত অসমৰ সকলো ক্ষেত্ৰতে ভাৰতীয় মান সময়ত কৈ এঘণ্টা আগৰে পৰা কাম আৰম্ভ কৰিব লাগে।' উন্মোচনী সভাত কেবাইজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here