এনকাউণ্টাৰ' ঘটনাৰ উচ্চ ন্যায়িক তদন্তৰ দাবী-: চি পি আই (এম-এল) অসম ৰাজ্যিক সমিতিয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 July 2021

এনকাউণ্টাৰ' ঘটনাৰ উচ্চ ন্যায়িক তদন্তৰ দাবী-: চি পি আই (এম-এল) অসম ৰাজ্যিক সমিতিয়ে

 '


'

W7s News, ষ্টাফৰিপোৰ্টাৰ :  শেহতীয়াকৈ হঠাৎ বৃদ্ধি পোৱা একাউণ্টাৰৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে

 আৰু এনে কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে: চি পি আই (এম-এল) অসম ৰাজ্যিক সমিতিয়ে। চি পি আই (এম-এল) অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰুবুল শৰ্মাই এই সম্পৰ্কে কয় 'একাউণ্টাৰৰ প্ৰতিটো ঘটনাৰে ন্যায়িক তদন্তৰ দাবী জনাইছে কিয়নো শেহতীয়া একাউণ্টাৰৰ ঘটনাকেইটাৰ সন্দৰ্ভত আৰক্ষীয়ে কৰা মন্তব্য বিশ্বাসযোগ্য নহয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসম ৰাজ্যখন এখন সৰ্বকালৰ সৰ্ববৃহৎ ধৰুৱা ৰাজ্যত আৰু  চোৰাং ব্যৱসায়ৰ ঘাটিত পৰিণত হ'ল। আত্মনিৰ্ভৰশীল অসমৰ দিশত এক আঙুলো খোজ দিব নোৱাৰা আৰু হিতাধিকাৰী সৃষ্টিত অভিলেখ স্থাপন কৰা বিজেপি চৰকাৰখনে তাৰ ব্যৰ্থতা ঢাকিবৰ বাবেই এফালে ফোপোলা চমক আৰু আনফালে পুলিচৰাজৰ পোষকতা কৰিছে। বিগত পাঁচ বছৰত অসমত অপৰাধীবোৰ ইমানকৈ কেনেকৈ বৃদ্ধি পালে যে শাসনত আহিয়েই অপৰাধীক গুলীয়াবলৈ মুখ্যমন্ত্ৰীয়ে খোলা খুলিভাৱে নিৰ্দেশ দিবলগীয়া পৰিস্থিতি হ'ল। কোনো সংগঠন বা ব্যক্তিয়ে আইন হাতত তুলি লোৱাটো যিমান বিপদজনক এখন চৰকাৰে আইন আদালত আৰু গণতান্ত্ৰিক ব্যৱস্থাসমুহক নেওচি কাৰ্যনিৰ্বাহ কৰাটো তাতকৈ বেছি বিপদজনক। আৰক্ষী-অপৰাধী-ৰাজনীতিকৰ মাজৰ অশুভ চক্ৰৰ বিষয়েহে তদন্ত হ'ব লাগে আৰু ইয়াৰ মাজতহে অপৰাধ-মুক্ত অসমৰ গ্যেৰান্টি আছে ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here