'চাণক্যনীতিসংগ্ৰহ' শীর্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 14 July 2021

'চাণক্যনীতিসংগ্ৰহ' শীর্ষক গ্ৰন্থ উন্মোচন




W7s, News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ ৰূপনগৰস্থিত অসম বেদ বিদ্যালয়ত বুধবাৰে 'চাণক্যনীতিসংগ্ৰহ' শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন্দ্ৰনাথ মিশ্ৰই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক ড০ ৰাজেন্দ্ৰ নাথ শৰ্মাই। উন্মোচনী ভাষণত তেওঁ কয় ' এই গ্ৰন্থখনত চাণক্যৰ ১০৮ টা শ্লোক সন্নিবিষ্ট কৰা হৈছে। গ্ৰন্থখনৰ জৰিয়তে যুৱপ্ৰজন্ম উপকৃত হ'ব পাৰিব। গ্ৰন্থখন অসমীয়া, ইংৰাজী, হিন্দী ভাষাত সম্পাদনা কৰা বাবে পাঠক সমাজ উপকৃত হ'ব পাৰিব।'  ধীৰেন্দ্ৰ নাথ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য, অসম বেদ বিদ্যালয়ৰ প্ৰধান আচাৰ্য দীপক কুমাৰ শৰ্মা, টোল বিভাগৰ অৱনী শৰ্মা, ভৱেশ শৰ্মা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here