প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ -৩ ৰ অধীনত চলিত বছৰৰ ২১ মে' ৰ পৰা ২১ জুনলৈ ৩,৪২,৮৩৪ মেট্ৰিকটন চাউল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যোগান-ভাৰতীয় খাদ্য নিগমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ -৩ ৰ অধীনত চলিত বছৰৰ ২১ মে' ৰ পৰা ২১ জুনলৈ ৩,৪২,৮৩৪ মেট্ৰিকটন চাউল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যোগান-ভাৰতীয় খাদ্য নিগমৰ

 




W7s, News ষ্টাফৰিপোৰ্টাৰ: সমগ্ৰ দেশ তথা ৰাজ্যত ক'ভিড পৰিস্থিতিৰ মাজতো 'প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ -৩ ৰ অধীনত চলিত বছৰৰ ২১ মে' ৰ পৰা ২১ জুনলৈ ৩,৪২,৮৩৪ মেট্ৰিকটন চাউল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যোগান ধৰিবলৈ সক্ষম হৈছে ভাৰতীয় খাদ্য নিগমে। সোমবাৰে গুৱাহাটীৰ উলুবাৰীস্থ ভাৰতীয় খাদ্য নিগমৰ উত্তৰ পূৰ্বৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ গগৈয়ে। তেওঁ লগতে কয় 'এই সময়ছোৱাৰ ভিতৰত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মণিপুৰত এই চাউল যোগান ধৰা হৈছে। অসমত ১ লাখ ২৫ হাজাৰ মেট্ৰিকটন চাউল যোগান ধৰা হৈছে। আনহাতে প্ৰধান মন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ -৪ ৰ অধীনত ২১ জুলাই পৰা ২১ নৱেম্বৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৮,৬২, ৯৬১ টন মেট্ৰিকটন চাউল যোগান ধৰা হ'ব। আনহাতে ভাৰতীয় খাদ্য নিগমৰ ভঁৰালত চলিত বছৰৰ ৩০ জুনলৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ৬.২৪ লাখ মেট্ৰিক টন খাদ্যসামগ্ৰী মজুত আছিল। তদুপৰি ভাৰতীয় খাদ্য নিগমে ২০১৯-২০ চনত ন্যূনতম সমৰ্থিত মূল্যত ৩.৩৭ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰে। সেইদৰে ২০২০-২১ বিত্তীয় বৰ্ষত ২০৬ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে এইবাৰ ধার্য কৰি দিয়া মূল্য হৈছে প্ৰতি কুইণ্টল চাউল ১,৯৪০ টকা। বিগত বৰ্ষত এই মূল্য আছিল ১,৯৬৮ টকা। এই সন্দৰ্ভত কেইবাখনো সভা সমিতি অনুষ্ঠিত হৈ আহিছে। এই ক'ভিড পৰিস্থিতিৰ সময়তো কৃষকে উচিত মূল্য এইবাৰ লাভ কৰিব পাৰিব। অনাগত সময়তো কৃষকে উচিত মূল্য লাভ কৰিব পাৰিব বুলি আমি আশাবাদী।' সংবাদ মেলত ভাৰতীয় খাদ্য নিগমৰ অসম প্ৰান্তৰ মহাপ্ৰবন্ধক কুমুদ কুমাৰ বৰুৱা, উপ মহাপ্ৰবন্ধক অশোক কুমাৰ সিনহা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here