বিকল্প মূল্যায়নৰ চৰ্ত সাপেক্ষ মাৰ্কশ্বিটৰ প্ৰতিবাদত আইছাৰ ৰাজ্যজোৰা 'ধিক্কাৰ দিৱস' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 July 2021

বিকল্প মূল্যায়নৰ চৰ্ত সাপেক্ষ মাৰ্কশ্বিটৰ প্ৰতিবাদত আইছাৰ ৰাজ্যজোৰা 'ধিক্কাৰ দিৱস'

 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ অব্যাহতিৰ সিদ্ধান্তক বাতিলৰ দাবী



W7s News, ষ্টাফৰিপোৰ্টাৰ:২০২১-হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিকল্প মূল্যায়নৰ মাৰ্কশ্বিটত চৰ্ত আৰোপ কৰা সংস্থাপন বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সোমবাৰে নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা)ৰ অসম ৰাজ্যিক কমিটীয়ে ৰাজ্যজুৰি 'ধিক্কাৰ দিৱস' পালন কৰে। উল্লেখ্য,বিকল্প মূল্যায়নেৰে প্ৰদান কৰা মাৰ্কছিট চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি ঘোষণা কৰিছে। আইছাই ক'ভিড প্ৰটোকল মানি ধিক্কাৰ দিৱস  ৰহা, যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ আদি বিভিন্ন ঠাইত পালন কৰে। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে 'শিক্ষা আৰু সংস্থাপনৰ অধিকাৰ আমাৰ মৌলিক অধিকাৰ', 'হিমন্ত চৰকাৰৰ সংস্থাপন বিৰোধী ৰাজ নচলিব', 'পৰীক্ষা পাতিব নোৱাৰাৰ ব্যৰ্থতা চৰকাৰে স্বীকাৰ কৰক', 'মূল্যায়নৰ নম্বৰৰ মাৰ্কশ্বিট চৰকাৰী চাকৰিত ব্যবহাৰ কৰিব নোৱাৰা সিদ্ধান্ত বাতিল কৰক,'মূল্যায়নৰ নম্বৰত সন্তুষ্ট নোহোৱা সকলক পৰীক্ষাত বহাৰ সুযোগ দিয়ক আৰু মূল্যায়ন/পৰীক্ষাৰ বেছি নম্বৰটো চৰকাৰী চাকৰিত ব্যবহাৰৰ সুযোগ দিওক' আদি শ্ল'গানেৰে ধিক্কাৰ দিৱস পালন কৰে । এই সম্পৰ্কে সংগঠনটোৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাসে কয় 'ক'ভিড পৰিস্থিতিৰ মাজত ক'ভিড বিধি মানি কেৰালা চৰকাৰে পৰীক্ষা পাতিলে, কিন্তু অসমৰ বিজেপি চৰকাৰ ব্যৰ্থ হল। এতিয়া চৰকাৰৰ ব্যৰ্থতাৰ বোজা ছাত্ৰ ছাত্ৰীৰ ওপৰত জাপি দিছে। ভুল চৰকাৰৰ, শাস্তি পাব ছাত্ৰ ছাত্ৰীয়ে।  এয়া টোগলকী শাসন নহয় কি হয় বুলি আইছাই চৰকাৰক প্ৰশ্ন কৰিছে। চৰকাৰখনে বিকল্প মূল্যায়নৰ ভিত্তিত ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব বিচৰা মাৰ্কশ্বিট কেৱল নামভৰ্তিৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা আৰু চৰকাৰী চাকৰিৰ বাবে অহা ছেপ্টেম্বৰ বা ২০২২ চনত নতুনকৈ পৰীক্ষাত বহাৰ বাবে লোৱা সিদ্ধান্তই অসমৰ নতুন প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে। চৰকাৰৰ এই সিদ্ধান্ত ছাত্ৰ ছাত্ৰীৰ শিক্ষা আৰু সংস্থাপনৰ অধিকাৰৰ সম্পূৰ্ণ বিৰোধী। অসমৰ ছাত্ৰ ছাত্ৰীসকলে মূল্যহীন মাৰ্কশ্বিট বিচৰা নাই, বিনা পৰীক্ষাই উত্তীৰ্ণ হোৱাটো বিচৰা নাই। চৰকাৰৰ এই সিদ্ধান্ত ৰাজ্যখনৰ মেধা শক্তিক নিশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়।  এনে কাৰ্যই অহা দিনত ৰাজ্যখনত অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰিব। মুখ্য মন্ত্ৰীয়ে ১ জুলাইত ক'ভিডৰ সংক্ৰমণৰ হাৰ ২ শতাংশ হ'লে পৰীক্ষা পাতিম বুলি কৈ জুনৰ মাজভাগতে পৰীক্ষা বাতিল কৰা ঘটনা ৰহস্যজনক, কিয়নো এতিয়া সংক্ৰমনৰ হাৰ হৈছে ১.৯৪ শতাংশ।  আনহাতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনষ্ঠ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ৎঠিকাভিত্তিত নিযুক্ত শিক্ষক সকলক চলিত বছৰৰ ২ জুলাইত এখন পত্ৰ যোগে চাকৰিৰ পৰা অব্যাহতি দিব বিচৰা কাৰ্যৰ  তীব্ৰ প্ৰতিবাদ জনাইছে 'আইছা' অসম ৰাজ্যিক কমিটীয়ে। বিশ্ববিদ্যালয়ৰ ঠিকাভিত্তিত নিযুক্ত শিক্ষকসকলক এনেদৰে চাকৰিৰ পৰা অব্যাহতি দিব বিচৰা কাৰ্য শিক্ষক আৰু ছাত্ৰ সমাজৰ প্ৰতি তীব্ৰ অন্যায়। ইয়াৰ ফলত বহুত বিভাগ বন্ধ হৈ যাব আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষা আধৰুৱা হৈ ৰ'ব। স্থায়ী শিক্ষক নিযুক্তি দিয়াৰ পৰিবৰ্তে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ঠিকাভিত্তিত কাম কৰি আছে তেওঁলোককো চাকৰিৰ পৰা অব্যাহতি দিব খোজা কাৰ্য ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অধিকাৰৰ পৰিপন্থী। 'আইছা'ই এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ বিশ্ববিদ্যালয় প্ৰশাসনক দাবী জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here