অগপত ডেৰ শতাধিকৰ যোগদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

অগপত ডেৰ শতাধিকৰ যোগদান

 




W7s News ষ্টাফৰিপোৰ্টাৰ:  অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্যকাৰ্য্যালয়ত বৃহস্পতিবাৰে এক যোগদান কাৰ্য্যসুচী অনুষ্ঠিত হয় । অসম গণ পৰিষদ ৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন দল সংগঠনৰ ডেৰ শতাধিক সদস্যই আনুষ্ঠানিক ভাবে অগপ দলত যোগদান কৰে  । যোগদান কাৰ্য্যসুচীত উপস্থিতি থাকি সভাপতি বৰাই কয় যে সাম্প্ৰতিক ৰাজনীতিত আঞ্চলিকতাবাদৰ গুৰুত্ব যথেষ্ট পৰিমানে বৃদ্ধি পাইছে বুলি মন্তব্য কৰি যোগদানকাৰী সকলক নিষ্ঠাৰে দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায়  । কাৰ্য্যকৰী সভাপতি  কেশৱ মহন্তই অসম গণ পৰিষদ দল অসমৰ ৰাইজৰ দল আৰু দলে সদায় অসমবাসীৰ কাষত থাকি অসমৰ স্বাৰ্থৰ হকে কাম কৰি যাব বুলি মন্তৱ্য কৰে । সভাত সাধাৰণ সম্পাদক ডা° কমলা কলিতা , মনোজ শইকীয়া , সত্যব্ৰত কলিতা , পোনাকন বৰুৱা, বিমলেন্দু সিনহা ,  উপসভাপতি সুনীল ডেকা , সম্পাদক জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰচাৰ ডঃ তপন দাস, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই , ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিণয়ন বৰুৱা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলেও উপস্থিত থাকে  ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here