বিশিষ্ট সাহিত্যিক অনিমা গুহৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 July 2021

বিশিষ্ট সাহিত্যিক অনিমা গুহৰ মৃত্যু

 




#anima guha#death


W7s News : নিউজ ডেস্ক : 

বিশিষ্ট সাহিত্যিক অনিমা গুহৰ বৃহস্পতিবাৰে আবেলি ৩ বজাত মহানগৰীৰ আৰ্য হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০বছৰ। তেওঁৰ  উলুবাৰীস্থিত বাসভৱনত বহুসংখ্যক গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধা জনায়। তেওঁৰ মৃত্যুত ৰাজ্যৰ সাহিত্য জগতত শোকৰ ছাঁ পৰে।  প্ৰখ্যাত নিবন্ধকাৰ প্ৰয়াত অমলেন্দু গুহৰ পত্নী অনিমা গুহে কেইবাখনো মূল্যবান গ্ৰন্থ সাহিত্যলৈ জগতলৈ উপহাৰ দি গৈছে। মানৱতাবাদী আৰু নাৰীমুক্তিৰ প্ৰশ্নত আপোচহীন সংগ্ৰামী যুক্তিবাদী লেখিকা ড°অনিমা গুহৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে আৰু তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি দুৰ্লভ চন্দ্ৰ মহন্ত আৰু প্ৰধান সম্পাদক বিপুল তালুকদাৰে শোকবাৰ্তাত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই কয় 'বিশিষ্ট সাহিত্যিক, নাৰী আন্দোলন তথা গণতান্ত্ৰিক আন্দোলন ৰ সক্ৰিয় সহযোগী আৰু ভাৰতীয় গণনাট্য সংঘ  ৰ শুভাকংক্ষী তথা দৰদী ড০ আনিমা গুহ  বিয়োগৰ  বাতৰিত  মৰ্মাহত হৈছোঁ। অসমৰ সাহিত্য জগতৰ আন এক উজ্জল নক্ষত্ৰ খহি পৰিল।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here