অসম জাতীয় পৰিষদৰ সংবাদমেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 July 2021

অসম জাতীয় পৰিষদৰ সংবাদমেল

 

 



W7s News  নিউজ ডেস্ক: অসম জাতীয় পৰিষদে শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কেলেংকাৰীক লৈ সৰৱ হৈ পৰে পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। তেওঁ লগতে কয় 'বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা অসম, তামিলনাডুত ভুৱা কৃষকৰ সংখ্যা সৰ্বাধিক। ৰাজনৈতিক লাভালাভৰ বাবে চৰকাৰে আঁচনিক ব্যৱহাৰ কৰিছে। বিজেপি শাসিত ৰাজ্যত অধিক ধন দিয়া হৈছে। এয়া উদ্দেশ্যপ্ৰণোদিত, ৰাজনৈতিক স্বাৰ্থত কৰা হৈছে। এয়া ভয়াৱহ ব্লুপ্ৰিণ্ট বিজেপিৰ। অসমৰ বৰপেটা, নগাঁও, গোলাঘাটত সৰ্বাধিক ভুৱা কৃষক চিনাক্ত হৈছে। কিন্তু এই কেলেংকাৰীৰ তদন্ত হোৱা নাই। এই কেলেংকাৰীৰ উপযুক্ত তদন্ত হ'ব লাগে। বিৰোধীক এই কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ ভুমিকা লোৱাৰ আহ্বান জনালোঁ। আনহাতে উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য লুৰীণজ্যোতি গগৈয়ে কয়'  বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰণকৌশল প্ৰস্তুত কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হৈছে যদিও কেচা চাহ পাতৰ মূল্য হ্ৰাস পাইছে।চাহপাতৰ মূল্য বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনালোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here