অচলাৱস্থাত মন্দিৰ নামঘৰসমূহ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 24 July 2021

demo-image

অচলাৱস্থাত মন্দিৰ নামঘৰসমূহ

Responsive Ads Here

 

IMG-20210724-WA0011


 বিশ্ব হিন্দু পৰিষদৰ তৎপৰতা 




W7s News ষ্টাফৰিপোৰ্টাৰ:

ক'ভিড সৃষ্ট পৰিবেশত অধিক সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে লকডাউনকে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰিছে। ইয়াৰ সুফল পাবলৈ হ’লে জনসাধাৰণ সচেতন হ’বই লাগিব ৷ অন্যথা চৰকাৰী ব্যৱস্থাসমূ হৈ পৰিব অৰ্থহীন ৷ এপ্ৰিল মাহৰ মাজভাগত ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে অসমৰ আন সকলো ধৰ্মানুষ্ঠঠানৰ লগতে মঠ-মন্দিৰ সমূহো ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ল। বৰ্তমানলৈকে সেই নিৰ্দেশনা বাহাল থকাত ভক্তৰ দান  বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা হিন্দুসকলৰ এই  উপাসনাথলীসমূহত এক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ কিন্তু মঠ-মন্দিৰ দেৱালয়সমূহৰ পৰিচালনাৰ দায়িত্বত থকা নিষ্ঠাবান লোকসকলে কোনো পৰিস্থিতিতে যাতে নিত্য পূজা ব্যহত নহয় তাৰ ব্যৱস্থা কৰিছে ৷ অসমৰ সৰহ সংখ্যক মঠ-মন্দিৰেই ৰাইজৰ দান বৰঙণিৰ ওপৰত নিৰ্ভৰশীল। সুদীৰ্ঘ দিন ভক্তৰ পৰা বিচ্ছিন্ন হৈ থকাৰ ফলত মঠ-মন্দিৰ সমূহ বৰ্তমান আৰ্থিক অনাটন ভূগিছে। নিয়মিত ভোগ উচৰ্গা চাকি বন্তি জ্বলাবলৈ তেল, আন পূজা সামগ্ৰী যোগাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈছে পৰিচালনাসমিতিসমূহ। এনে পৰিপ্ৰেক্ষিতত বিশ্ব হিন্দু পৰিষদৰৰ উদ্যোগত সমগ্ৰ অসমত বিগত সময়ছোৱাত মঠ-মন্দিৰ চেনিটাইজ, মঠ-মন্দিৰ নামঘৰ সমূহৰ পুৰোহিত, ভকত প্ৰমুখ্যে অন্যান্য কৰ্মচাৰীসকললৈ সাহাৰ্য প্ৰদান কৰি অহা হৈছে। তেনেদৰে বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগতো শনিবাৰে নৱগ্ৰহ মন্দিৰৰৰ লগতে গুৱাহাটীৰ আশেপাশে থকা মঠ-মন্দিৰ দেৱালয়ত অখণ্ড দীপ জ্বলাই যাবলৈ মিঠাতেল দান কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদক জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে শনিবাৰে বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৱ প্ৰান্ত আৰু ,মহানগৰ সমিতিৰ সহ যোগত শ্ৰীশ্রী নৱগ্ৰহ মন্দিৰ ত মিঠাতেল লগতে পূজাৰ সামগ্ৰী দান কৰা হয় ।বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৱ প্ৰান্তৰ সংৰক্ষক লক্ষী দত্ত, সম্পাদক পল্লব পৰাশৰ,সদস্য দ্বয় ড: লোকেন ডেকা, দিলীপ চক্রবর্তী, গুৱাহাটী মহানগৰ জিলাৰ উপদেষ্টা, ডম্বৰুধৰ তালুকদাৰ,  সভাপতি শুভৰাম বৰা আৰু কাৰ্যকাৰী সভাপতি বিনয় ঠাকুৰীয়া, সম্পাদক চন্দন ৰাভা, নামঘৰ মঠ-মন্দিৰ প্ৰমুখ কীৰ্ত্তিৰঞ্জন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে গুৱাহাটীৰ নৱগ্ৰহ, জালুকবাৰীকে ধৰি বিভিন্ন মন্দিৰত দ্ৰব্য সমূহ আগবঢ়াই । আগন্তুক দিনত তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয়তো তেল দান  কাৰ্য সম্পাদন কৰা হব বুলি পৰিষদৰ তৰফৰপৰা পৰা জানিবলৈ দিছে। এনে কাৰ্য্যত সহায় কৰিবলৈ ইচ্ছুক ভক্তসকলে দান বৰঙণি আগবঢ়াবলৈ বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা আৰু সম্পাদক চন্দন ৰাভাক যোগাযোগ কৰিব অথবা UCO Bank, Guwahati main branch, A/C No 00450110027868,IFSC code UCBA0000045 বেংক একাউন্টত ধন জমা দিব পাৰিব বুলি জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *