চিন্ময়া মিছন গুৱাহাটীৰ উদ্যোগত ৰক্তদান শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 July 2021

চিন্ময়া মিছন গুৱাহাটীৰ উদ্যোগত ৰক্তদান শিবিৰ

 


 



W7s News ষ্টাফৰিপোৰ্টাৰ: চিন্ময়া মিছন গুৱাহাটীৰ উদ্যোগত আৰু মৰোৱাৰী হাস্পতালৰ সহযোগত শুকুৰবাৰে এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। গুৰুপূৰ্ণিমা উপলক্ষে ছয়মাইলস্থিত মিছন চৌহদত আয়োজন কৰা এই শিবিৰ পুৱা ১০ বজাৰ পৰা  অনুষ্ঠিত হোৱা এই শিবিৰটো মুকলি কৰে চিন্ময়া মিছন গুৱাহাটীৰ প্ৰভাৰী আচাৰ্য ব্ৰহ্মচাৰিণী অনন্যা চৈতন্যই।  অনুষ্ঠানত মিছনৰ গুৱাহাটীৰ অধ্যক্ষ অমিত জৈনে ৰক্তদানৰ প্ৰয়োজনীয়া সম্পৰ্কে কয়। এই অনুষ্ঠানতমৰোৱাৰী হাস্পতালৰ ব্লাড বেংকৰ স্বাস্থ্য বিষয়া ডাঃ মনোজ কুমাৰ দেউৰী উপস্থিত থাকে। এই শিবিৰ মিছনৰ যুৱ কেন্দ্ৰ আৰু দেৱী গ্ৰুপৰ বিশেষ সহযোগিতাত অনুষ্ঠিত হয়। এই শিবিৰত বহুসংখ্যক লোকে ৰক্তদান কৰে। আনহাতে গুৰুপূৰ্ণিমা উপলক্ষে মিছন চৌহদত পূজা অৰ্চনা কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here