চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্ত উঠাই লওক স্হানীয় প্ৰতিবাদীকাৰীৰ ওপৰত লাঠিচালনাক ধিক্কাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্ত উঠাই লওক স্হানীয় প্ৰতিবাদীকাৰীৰ ওপৰত লাঠিচালনাক ধিক্কাৰ

 




 W7s News  ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী ক্লাব ৰ'টাৰীত এছ এফ আই, ডি ৱাই এফ আই, চি আই টি ইউ আৰু নিখিল গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আন্দোলন কৰি থকা স্হানীয় জনতাৰ ওপৰত কালি পুলিচে কৰা নিৰ্মম লাঠিচালনাৰ ঘটনাক  ধিক্কাৰ জনাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুলিচ নিৰ্যাতনৰ পৰিৱৰ্তে গণতান্ত্ৰিক আন্দোলনক সন্মান জনাই ৰাইজৰ দাবী মানি ল'বলৈ দাবী কৰিছে। পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬-ৰ অধীনত প্ৰণয়ন কৰা 'গোটা আৱৰ্জনা ব্যৱস্থা অধিনিয়ম, ২০১৬' (Solid Waste Management Rules, 2016)-ৰ মৌলিক  চৰ্তসমূহ উলংঘন কৰি চন্দ্ৰপুৰত জাৱৰ পেলাই থকা হৈছে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ দ্বাৰা পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে কোনোধৰণৰ অধ্যয়ন বা গৱেষণা কৰা নহ'ল। ফলস্বৰূপে স্বাভাৱিকতে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰতিকূল প্ৰভাৱ অৱশ্যাম্ভাৱী। গুৱাহাটীৰ নিচিনা মহানগৰীত প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱাৰ সময়ত চন্দ্ৰপুৰৰ দৰে অঞ্চলে প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখিছে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজে যোৱা ২৮ জুন তাৰিখৰ পৰা অবিৰতভাৱে আন্দোলন সংগ্ৰাম সংগঠিত কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি আৰক্ষীয়ে স্থানীয় ৰাইজৰ ওপৰত নিৰ্মমভাৱে লাঠিচালনা কৰিলে। গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিব বিচৰা চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ এনে দমনমূলক কাৰ্য গণতান্ত্ৰিক দেশৰ নাগৰিকৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয়।


পৰিৱেশ সূৰক্ষা আৰু চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড কৰাৰ সিদ্ধান্ত শীঘ্ৰে উঠাই লোৱাৰ দাবীৰ লগতে স্থানীয় প্ৰতিবাদকাৰীৰ ওপৰত হোৱা লাঠিচালনাক ধিক্কাৰ জনাই আজি এছ এফ আই, ডি ৱাই এফ আই, চি আই টি ইউ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে গুৱাহাটী ক্লাব ৰ'টাৰীৰ সমীপত ক'ভিড প্ৰ'ট'কল মানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।


বিজেপি চৰকাৰে গুৱাহাটীক 'স্মাৰ্ট চিটি' হিচাপে ঘোষণা কৰিছিল। 'স্মাৰ্ট চিটি'সমূহত আৱৰ্জনা ব্যৱস্থাপনাৰ নীতি অনুসৰি আৱৰ্জনাবোৰ আধুনিকতম প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি প্ৰদূষণমুক্ত আৰু অন্যান্য বিষাক্ত দ্ৰব্যমুক্ত কৰা হয়। কিন্তু চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডৰ ক্ষেত্ৰত এই চৰ্ত প্ৰয়োগ হোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ উপৰঞ্চি চন্দ্ৰপুৰৰশক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লওতে প্ৰশাসন/কৰ্তৃপক্ষই স্হানীয় ৰাইজৰ সৈতে কোনো আলোচনাই নকৰিলে। স্হানীয় ৰাইজৰ সন্মতি এনেবোৰ বিষয়ত বাধ্যতামূলক। ইয়াৰ পৰা এইটোৱেই প্ৰমাণ হয় যে যথোপযুক্ত পৰীকল্পনা অবিহনেই গুৱাহাটী পৌৰ নিগমে এনে সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ আগবাঢ়িল।


আজিৰ কার্যসূচীত সংগঠনৰ ৰাজ্যিক আৰু কামৰূপ মহানগৰ জিলাৰ নেতৃত্ব ক্ৰমে

সংগীতা দাস, এছ এফ আই

ঋতু ৰঞ্জন দাস, ডি ৱাই এফ আই,

বীৰেন শৰ্মা, চি আই টি ইউ

নিয়তী বৰ্মন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা  সমিতি. আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here