আজিৰ পৰা প্ৰতিলিটাৰ গাখীৰত তিনি টকাকৈ মূল্যবৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 15 July 2021

আজিৰ পৰা প্ৰতিলিটাৰ গাখীৰত তিনি টকাকৈ মূল্যবৃদ্ধি

 





'W7s News, ষ্টাফৰিপোৰ্টাৰ : শুকুৰবাৰৰ পৰা প্ৰতিলিটাৰ গাখীৰত তিনি টকাকৈ মূল্যবৃদ্ধি  হ'ব। বৃহস্পতিবাৰে গুৱাহাটীৰ নেপালী মন্দিৰৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই। সন্থাৰ সভাপতি পদম বাছনেটে সংবাদমেলত কয় ' বৃহত্তৰ গুৱাহাটী গো-পালক সস্থাই

পহিলা জুলাইৰ পৰা প্ৰতি লিটাৰ গাখীৰত   

 ৩ টকাকৈ মূল্য

 বৃদ্ধি কৰিছে ।

গো-পালক সকলে গাখীৰৰ মূল্যবৃদ্ধি কৰা বাবেই আমি গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমি এতিয়া অধিক মূল্যত গাখীৰ ক্ৰয় কৰিবলগীয়া হৈছে। পূৰ্বতে  গো-পালক সকলৰ পৰা প্ৰতি লিটাৰ গাখীৰ ৪৮ টকাকৈ আনি  ৫১ টকা পাইকাৰী মূল্য

আৰু ৫৩ টকা খুচুৰা মূল্যত 

 বিক্ৰী কৰা হৈছিল। গো-পালক সকলে পশু ধনৰ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বাবে গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। ক'ভিড পৰিস্থিতিৰ বাবে আমি কিছুদিন গাখীৰৰ মূল্যবৃদ্ধি কৰা নাছিলোঁ যদিও আমাৰ ব্যবসায়ত বিগত ১৫ দিনত যথেষ্ট লোকচান হোৱা বাবে আমি মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হৈছোঁ। কাইলৈৰ পৰা পাইকাৰী মূল্য  ৫৪ টকা প্ৰতি লিটাৰত আৰু খুচুৰা প্ৰতি লিটাৰত ৫৬ টকাত গাখীৰ বিক্ৰী কৰা হ'ব। গুৱাহাটীত দৈনিক ১ লাখ ৬০ লিটাৰ  গাখীৰ আমি যোগান ধৰোঁ। 

গাখীৰৰ এই ব্যৱসায়ৰ সৈতে ৫২০ জন ব্যৱসায়ী জড়িত হৈ আছে। আমি ন মাইল, খানাপাৰা, আঠ মাইল, দহমাইল, এঘাঁৰমাইল, বাৰমাইল,আমচিং জোৰাবাট আদিত গাখীৰ বিক্ৰী কৰোঁ।'

সংবাদমেলত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি বাবু প্ৰসাদ শৰ্মা, সাধাৰণ সম্পাদক গঙ্গাধৰ পৌডেল, যুটীয়া সম্পাদক লক্ষ্মণ শৰ্মা, উপদেষ্টা চিন্তামণি উপাধ্যায়, কাৰ্যবাহী সদস্য অশোক ছেত্ৰী, সোমনাথ পৌডেল উপস্থিত থাকে। উল্লেখ্য, ক'ভিড পৰিস্থিতিৰ সময়ত এনেদৰে হোৱা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here