W7s News,,ষ্টাফ ৰিপৰ্টাৰ,,১৫ জুলাই।।,গুৱাহাটীৰ এপল' হাস্পতালে অলপতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম এঞ্জিয়'প্লাষ্টি অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে য'ত নতুনকৈ উদ্ভাৱন কৰা ইণ্ডিজিনিমাচ দিজলভিং ষ্টেণ্ট ব্যৱহাৰ কৰা হয়। শুকুৰবাৰে হাস্পতালখনত আয়োজন কৰা এখন সংবাদমেলত হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপৰ্ণ বৰুৱাই এই সন্দৰ্ভত কয়"-ইণ্টাৰভেনশ্বন কাৰ্ডিঅ'লজি দলৰ ডাঃ দি জে দত্ত আৰু ডাঃ ৰনদীপ কে এন শিৱমে এই সমগ্র প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন কৰে। ৪৪ বছৰীয়া ৰোগীজন অৰুণাচল প্ৰদেশৰ পৰা চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল। প্ৰথমে তেওঁ বুকুৰ বিষ অনুভৱ কৰে যদিও এই বিষ ক্ৰমাৎ বাঢ়ি অহাত গুৱাহাটীৰ এপল' হাস্পতালত ২৬ জুনত ভৰ্তি হয়। হাস্পতাল কৰ্তৃপক্ষই প্ৰথমে অন্য পৰীক্ষা নিৰীক্ষাৰ লগতে ইচিজি কৰোৱা হয়। হৃদয়ত ব্লকেজ থকা বুলি ধৰা পৰাৰ পাছত তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হোৱাত হাস্পতাল খনত উপলব্ধ দিজলভিং ষ্টেণ্টৰ জৰিয়তে ২৭ জুনত এঞ্জিঅ'প্লাষ্টি সফলতাৰে সম্পন্ন কৰোৱা হয়।
No comments:
Post a Comment