অসমৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব হৃদৰোগ, বৃক্ক সংস্থাপন, স্নায়ুৰোগ, কৰ্কটৰ চিকিৎসা* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 July 2021

অসমৰ দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে ভেলোৰৰ আগশাৰীৰ চিকিৎসালয়ত লাভ কৰিব হৃদৰোগ, বৃক্ক সংস্থাপন, স্নায়ুৰোগ, কৰ্কটৰ চিকিৎসা*

 

*অটল অমৃত অভিযানৰ তালিকাভুক্ত হস্পিতালত অন্তৰ্ভুক্ত শ্ৰীনাৰায়ণী হস্পিতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ*


*দিছপুৰত স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত স্বাস্থ্য বিভাগ-হাস্পতাল কৰ্তৃপক্ষৰ বুজাবুজি চুক্তি সম্পন্ন*  




'

W7s News, ষ্টাফৰিপোৰ্টাৰ  এতিয়াৰে পৰা তামিলনাডুৰ ভেলোৰৰ আগশাৰীৰ চিকিৎসানুষ্ঠান শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ'ত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীয়ে। অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য নিশ্চয়তা আঁচনি 'অটল অমৃত অভিযান'ৰ অধীনত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ লোকক সুলভ চিকিৎসা সেৱা প্ৰদানকাৰী চিকিৎসালয়সমূহৰ তালিকাত আজি নতুনকৈ অন্তৰ্ভুক্ত হ'ল ভেলোৰৰ শ্ৰীপুৰমস্থিত এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খন। দিছপুৰৰ জনতা ভৱনত সোমবাৰে বিয়লি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু গুৱাহাটী উন্নয়ন-নগৰাঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘলৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ মাজত আনুষ্ঠানিক ভাৱে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বিধায়কদ্বয় মানৱ ডেকা, দিগন্ত কলিতাৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিব, স্বাস্থ্য সচিব, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক, স্বাস্থ্য সেৱা সঞ্চালক, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক, চিকিৎসা শিক্ষা সঞ্চালকৰ উপৰি স্বাস্থ্য বিভাগৰ হৈ অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী আৰু উপ মুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰেও অংশগ্ৰহণ কৰা এক অনুষ্ঠানত অটল অমৃত অভিযানৰ কৰ্তৃত্বশীল স্বাক্ষৰকাৰী আৰু শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ হৈ চিকিৎসালয়খনৰ সঞ্চালক ড০ এন বালাজীয়ে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে এই বুজাবুজি চুক্তি সম্পাদনৰ জৰিয়তে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীৰ বাবে এতিয়াৰে পৰা সুদুৰ ভোলোৰত হৃদৰোগ, কৰ্কট, স্নায়ুৰোগ, ইউৰ'লজীৰ লগতে বৃক্ক সংস্থাপনৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰাটো অধিক সুচল আৰু সহজসাধ্য হৈ উঠিব। ভেলোৰৰ শ্ৰীশক্তি আম্মা হেল্থ কেয়াৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ব্যক্তিগত চিকিৎসালয়খনে অসমৰ ৰোগীসকলক বিশেষ যত্ন লৈ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দুখীয়া  ৰাইজৰ বাবেও জটিল ৰোগৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা লাভ কৰাটো নিশ্চিতকৰণৰ দিশত স্বাস্থ্য বিভাগৰ এই আঁচনিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে। গুৱাহাটী উন্নয়ন তথা নগৰাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংঘলেও এই বুজাবুজি চুক্তিয়ে অসম চৰকাৰৰ অটল অমৃত অভিযানক অধিক গতিশীল কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে, ৰাজ্যখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন সামৰ্থৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ লোকৰ বাবে সাধাৰণতে হোৱা ৬ টা উচ্চ ব্যয় সাপেক্ষ ৰোগৰ চিকিৎসা লাভ কৰাটো সুলভ আৰু সহজসাধ্য কৰি তোলাৰ বাবে অসম চৰকাৰে এনে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে বছৰি ২ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় বহনৰ ব্যৱস্থাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতিৰ আঁচনিখন ৰূপায়ণ কৰি আহিছে। হৃদজনিত ৰোগ, কৰ্কট, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰাসহ এই ৬ শ্ৰেণীৰ ৰোগৰ অধীনৰ মুঠ ৪৩৮ বিধ স্বাস্থ্যজনিত জটিলতাত ভোগা ৰোগীৰ চিকিৎসা আঁচনিখনত অন্তৰ্ভুক্ত হৈ আছে। অটল অমৃত অভিযানৰ অধীনত সুলভ চিকিৎসাৰ সুবিধা গ্ৰহণৰ বাবে বছৰি ১.২০ লাখ টকাৰ তলৰ উপাৰ্জনক্ষম দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল আৰু বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জনক্ষম আৰ্থিক ভাৱে দুৰ্বল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ পৰিয়ালৰ সদস্যসকলে নিজ অঞ্চলৰ অসামৰিক চিকিৎসালয়ত আবেদন কৰি অটল অমৃত কাৰ্ড আহৰণ কৰিব পাৰে। আঁচনিখনৰ অধীনত অসম চৰকাৰৰ সৈতে চুক্তিবদ্ধ অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়সমূহত এই অটল অমৃত কাৰ্ড দেখুৱালেই দুখীয়া পৰিয়ালৰ ৰোগীয়ে সৰ্বাধিক ২ লাখ টকা পৰ্যন্ত ৰেহাইৰে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। অটল অমৃত অভিযানৰ তালিকাভুক্ত চিকিৎসালয় হিচাপে আজি অন্তৰ্ভুক্ত হোৱা শ্ৰীনাৰায়ণী হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰৰ সঞ্চালক ডাঃ বালাজীয়ে প্ৰকাশ কৰা মতে অটল অমৃত অভিযান আঁচনিখনৰ অধীনত চিকিৎসালয়খনে অসমৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ ৰোগীলৈ হৃদৰোগ, কৰ্কট, বৃক্ষ সংস্থাপন, মূত্ৰৰোগ, নিউৰ' ছাৰ্জাৰী আদিৰ ক্ষেত্ৰত অত্যাধুনিক বিশেষজ্ঞ চিকিৎসা উপলব্ধ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here