চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিল অঙ্গনৱাড়ী কৰ্মী সহায়িকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 July 2021

চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিল অঙ্গনৱাড়ী কৰ্মী সহায়িকা

 




W7s News, ষ্টাফৰিপোৰ্টাৰ : চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিল অঙ্গনৱাড়ী কৰ্মী সহায়িকা । আজি দেশজোৰা দাবী দিৱসৰ অংশ হিচাপে অসমতো অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ অঞ্চলে অঞ্চলে  হাতত দাবী সম্বলিত প্লেকাৰ্ড লৈ  প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকক বিভাগীয় কৰ্মচাৰীৰ স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি প্ৰদান কৰা, কোভিড ত নিহত কৰ্মী, সহায়িকা তথা মিনি কৰ্মী ৰ পৰিয়ালক দহ লাখ টকা সাহাৰ্য প্ৰদান কৰা,  অৱসৰকালিন সুবিধা প্ৰদান কৰা ইত্যাদি দাবী জনাই মাননীয় প্ৰধানমন্ত্ৰী লৈ এখন আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ স্থানীয় প্ৰশাসনিক বিষয়াৰ মাধ্যমত প্ৰেৰণ কৰে।

সন্থাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰে জনোৱা মতে আজি  শিলচৰ হাইলাকান্দী  ৰ পৰা ধুবুৰীৰ শাল চাপৰা লৈ ১২৫ টা ঠাইত  কাৰ্যসূচী ৰূপায়িত হয়‌ ।   

গুৱাহাটীৰ গুৱাহাটী ক্লাৱৰ ওচৰৰ লক্ষ্মীনাথ বেজবৰুৱা চাৰ্কলত সন্থাৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে বেনাৰ প্লেকাৰ্ড হাতত লৈ দ্ৰব্য মুল্য বৃদ্ধিৰো প্ৰবল প্ৰতিবাদ জনায়। জিলা সম্পাদিকা জুনু চেতিয়া , ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ , প্ৰাক্তন সভানেত্ৰী মাধূৰী দেবী  , এছ এফ আই ৰ সম্পাদিকা  সঙ্গীতা দাসে কাৰ্যসূচী ত অংশ লৈ বি জে পি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু কৃষক বিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here