স্নাতক চি বি চি এছ পাঠ্যক্ৰমৰ ৰাষ্ট্ৰীয় কৰ্মশালাত দেশৰ ভিন্ন প্ৰান্তৰ পণ্ডিতৰ অংশগ্ৰহণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 12 July 2021

স্নাতক চি বি চি এছ পাঠ্যক্ৰমৰ ৰাষ্ট্ৰীয় কৰ্মশালাত দেশৰ ভিন্ন প্ৰান্তৰ পণ্ডিতৰ অংশগ্ৰহণ

 



অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অচিৰেই আৰম্ভ হব সংস্কৃত বিভাগ। 


 

W7s News, ষ্টাফৰিপোৰ্টাৰ : সংস্কৃত ভাৰতী, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ, নলবাৰী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সংযুক্ত তত্বাৱধানত  বাৰদিনীয়াকৈ অনুষ্ঠিত  স্নাতক চি বি চি এছ সংস্কৃত পাঠ্যক্ৰমৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনলাইন কৰ্মশালা দেওবাৰে সামৰণি পৰে। কৰ্মশালাখনৰ সংযোজিকা  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা  ড০ সুদেষ্ণা ভট্টাচাৰ্য্যই জনোৱা মতে ৩০ জুনৰ পৰা অনুষ্ঠিত এই কৰ্মশালাখন দেশৰ বিভিন্ন প্ৰান্তৰ সংস্কৃত পণ্ডিত সকলৰ মাৰ্গ দৰ্শনেৰে তথা অসমৰ  আৰু অন্য ৰাজ্যবোৰৰ ডেৰ শতাধিক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষিকা  তথা  গৱেষক শিক্ষার্থীৰ  অংশগ্ৰহনেৰে সাফল্যমণ্ডিত হৈছে।  । এই কৰ্মশালা দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ৩০ জুনৰ পৰা ৭ জুলাইলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতজ্ঞ পণ্ডিতে ইউ জি চি বি চি এছ পাঠ্যক্ৰমৰ অন্তৰ্গত নিৰ্দিষ্ট বিষয় সন্দৰ্ভত সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়।  ৮,৯ আৰু ১০ জুলাইত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক চি বি চি এছ সংস্কৃত পাঠ্যক্ৰমৰ  সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো শিক্ষক শিক্ষিকাই অংশগ্ৰহণকাৰী সকলৰ সৈতে সাৰস্বত আলোচনাত ব্ৰতী হয়। এই তিনিটা সত্ৰ পৰিচালনা কৰে নলবাৰী মহাবিদ্যালয়ৰ  সংস্কৃত বিভাগৰ মুৰব্বী,কৰ্মশালাৰ সহ সংযোজক ড০ মণি শৰ্মা শাস্ত্ৰীয়ে। দেওবাৰে অন্তিম সত্ৰত অনুষ্ঠিত সামৰণি সভাত আদৰণি ভাষণ আগবঢ়ায় নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমল নয়ন পাটোৱাৰীয়ে । সভাৰ উদ্দেশ্যে বাখ্যা কৰে সংস্কৃত ভাৰতী- উত্তৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ভবেন

শইকীয়াই।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী তথা অধ্যাপিকা ড০ সুজাতা পুৰকায়স্থৰ অধ্যক্ষতাত অনুষ্ঠিত সামৰণি সভাত উদ্ধোধনী ভাষণ আগবঢ়াই ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশৰ উপাচাৰ্য  অধ্যাপক সাকেত কুশৱাহাই। তেওঁ অচিৰেই বিশ্ববিদ্যালয় খনত  সংস্কৃত বিভাগ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। সংস্কৃত ভাৰতীৰ অখিল ভাৰত সংগঠন মন্ত্ৰী দীনেশ কামাথে সভাত মুখ্য অতিথি হিচাপে অংশ লয়। সভাৰ মধ্যমণি হিচাপে থাকি অসমৰ সংস্কৃত ক্ষেত্ৰখনৰ মহীৰূহস্বৰূপ, বিদগ্ধ সংস্কৃত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী, ৰাষ্ট্ৰপতি সন্মানপ্ৰাপক অধ্যাপক ড০ ৰাজেন্দ্ৰনাথ শৰ্মাই কৰ্মশালা খনিৰ সফল আয়োজনৰ বাবে ধন্যবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত অধিক কৰ্মসূচী আগবঢ়াই নিবলৈ পৰামৰ্শ আৰু আশীৰ্বাদ জনায়। সামৰণি সত্ৰটো ড০ সুদেষ্ণা ভট্টাচাৰ্য্যই পৰিচালনা  কৰে।  ৩০ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ হিৰণ শৰ্মাই অনলাইন কৰ্মশালাখন উদ্বোধন কৰিছিল। উদ্বোধন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সংস্কৃত প্ৰমোচন ফাউণ্ডেচনৰ সচিব পদ্মশ্ৰী চমূকৃষ্ণ শাস্ত্ৰীয়ে।  কৰ্মশালাৰ দ্বিতীয় আৰু তৃতীয় দিনৰ সমল ব্যক্তি ৰূপে অংশ লয় পণ্ডিত, গৱেষক, লেখক অভিৰাজ ৰাজেন্দ্ৰ মিশ্ৰ  আৰু অধ্যাপক  হৰিদত্ত শৰ্মা।   কৰ্মশালা খনৰ অন্য এগৰাকী সহ-সংযোজক হিচাপে থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰঞ্জিত তিৱাৰী। কৰ্মশালাখন সুচাৰুভাবে পৰিচালনা কৰাত  কমল শৰ্মা, নয়নজ্যোতি শৰ্মা, ৰাজেন আচাৰ্য, মৃণাল কান্তি চৰকাৰ আদিকে ধৰি সংস্কৃত ভাৰতীৰ কৰ্মকৰ্তাসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here