W7s News ষ্টাফৰিপোৰ্টাৰ : সদৌ অসম নেতাজী কমিটি আৰু কেন্দ্ৰীয় গুৱাহাটী উন্নয়ন কমিটিৰ উদ্যোগত তথা ৰাজ্য চৰকাৰৰ স্বাস্হ্য বিভাগৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এটা ক'ভিড টিকাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত ১৮ বছৰৰ উৰ্ধৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ লোকক প্ৰথমপালি ভেকচিন দিয়া হয়। পল্টন বজাৰৰ বেংগলী গাৰ্লছ হাইস্কুলত অনুষ্ঠিত এই শিবিৰত শুকুৰবাৰে মুঠ ১০০ লোকক কভিড-১৯ ৰ ভেকচিন দিয়া হয়। এই শিবিৰ দেওবাৰে বন্ধ থাকিব আৰু সোমবাৰে সামৰণি পৰিব বুলি অল আছাম নেতাজী কমিটিৰ সম্পাদক ৰাজীৱ দাসে জানিবলৈ দিয়ে। এই শিবিৰ পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হয় আৰু অনলাইন আৰু অফলাইনযোগে নাম পঞ্জীয়ন কৰিব পাৰিব।'
No comments:
Post a Comment