ৰাজহুৱা খণ্ড ৰক্ষাৰ দাবীত দেশজোৰা দাবী দিৱস পালন গুৱাহাটীত ধৰ্ণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 July 2021

ৰাজহুৱা খণ্ড ৰক্ষাৰ দাবীত দেশজোৰা দাবী দিৱস পালন গুৱাহাটীত ধৰ্ণা

 



'


W7s News ষ্টাফৰিপোৰ্টাৰ : প্ৰতিৰক্ষা খণ্ড ব্যক্তিগতকৰণ কৰাকে ধৰি দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ কেন্দ্ৰৰ বিজেপি চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহৰ আহবানত দেশজুৰি দাবী দিৱস পালন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে আই এন টি ইউ চি,  এ আই টি ইউ চি,  এইছ এম এছ,  চি আই টি ইউ,  এ আই চি চি টি ইউ,  এ আই ইউ টি ইউ চি,  টি ইউ চি চি,  ইউ টি ইউ চিয়ে গুৱাহাটী ক্লাৱৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত ক'ভিড প্ৰটকল মানি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধণাকাৰী সকলে ‘প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰবোৰ ব্যক্তিগতকৰণ বন্ধ কৰক', ‘ নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰে ক্ৰয় কৰক',  তৈলক্ষেত্ৰ বিক্ৰী কৰা নচলিব',‘ নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপন কৰক', ‘ ৰঙিয়াৰ এ'পল আৰু ছিপাঝাৰৰ প্ৰাগবচিমি পুনৰুজ্জীৱিত কৰক', ‘ এ পি ডি চি এল ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰ বন্ধ কৰক', ‘গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক লীজত দিয়া চুক্তি বাতিল কৰক, ‘মূল্যবৃদ্ধি ৰোধ কৰক' আদি শ্ল'গানেৰে উত্তাল কৰি তোলে। ধৰ্ণা কাৰ্যসূচীত আই এন টি ইউ চিৰ সুমেৰ সিং গৌড়, এ আই টি ইউ চিৰ ৰমেন দাস, বাবুল চৌধুৰী, চি আই টি ইউৰ বীৰেণ শৰ্মা, ভোলা শৰ্মা, এ আই চি চি টি ইউৰ বীৰেণ কলিতা, পংকজ কুমাৰ দাস, এ আই ইউ টি ইউ চিৰ প্ৰমোদ ভাগৱতী আদি নেতৃবৃন্দই অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সংগঠনসমূহে কয় যে আত্মনিৰ্ভশীল ভাৰত গঢ়াৰ শ্লোগান দিয়া কেন্দ্ৰ তথা অসমৰ বিজেপি চৰকাৰে অসমৰ ঐতিহ্যপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠানবোৰ বিক্ৰী কৰাৰ কাম হে তীব্ৰ গতিত চলাই আছে। এই চৰকাৰ শাসনত অহাৰ পিছত কোনো এটা নতুন বিশেষ উদ্যোগ গঢ়িও তোলা নাই আৰু গঢ়ি তোলাৰ পৰিকল্পনাও লোৱা নাই। দেশৰ অতি সংবেদনশীল প্ৰতিৰক্ষা বিভাগৰ উৎপাদন প্ৰতিষ্ঠানৰ লগতে  ৰাজহুৱা খণ্ডৰ  উদ্যোগ প্ৰতিষ্ঠানসমূহ বিক্ৰী কৰাত উঠিপৰি লাগিছে। চৰকাৰখনে ৰঙিয়াৰ এপ'ল, ছিপাঝাৰৰ প্ৰাগ বচিমি আদি উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ ফলত সাৰ কাৰখানাটো বন্ধৰ দিশত গতি কৰিছে। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও জাগীৰোড আৰু পাঁচগ্ৰামৰ কাগজ কল দুটা খোলাৰ ব্যৱস্থা নকৰি চৰম বিশ্বাসঘাটকতা কৰিছে আৰু এতিয়া পানীৰ দৰত নিলাম দিবলৈ উঠিপৰি লাগিছে। কাগজ কলৰ  শ্ৰমিক-কৰ্মচাৰীৰ মজুৰি সহ সকলো বকেয়া আদায় কৰি নিদিয়াৰ ফলত আৰ্থিক সংকটত  শতাধিক শ্ৰমিক-কৰ্মচাৰীৰ অকাল মৃত্যু হৈছে আৰু এই ঘটনা ঘটি আছে। বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ চলাই গৈছে। তেনেদৰে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানী গ্ৰুপক পানীৰ দামত লীজত দিছে। ভয়াবহ ৰূপত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধানৰ বাবে এই চৰকাৰৰ উৎপাদন মুখী পৰিকল্পনা নাই। ইয়াৰ পৰিবৰ্তে শেহতীয়া ভাৱে চৰকাৰখনে এই উদ্যোগ প্ৰতিষ্ঠানবোৰৰ কৰ্মচাৰীসকলক স্বেচ্ছাই অৱসৰ লোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰি গৈছে। আনহাতে ভয়াবহ হৈ পৰা মূল্যবৃদ্ধিৰ হেঁচাত সাধাৰণ ৰাইজে জীয়াই থকাৰ থাউনি বিচাৰি নোপোৱা হৈছে।ইয়াৰ বিৰুদ্ধে শ্ৰমিক কৰ্মচাৰী তথা সৰ্বসাধাৰণ ৰাইজে আন্দোলন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। বৰঞ্চ গণতান্ত্ৰিক আন্দোলনৰ ওপৰত দমন চলোৱাৰ নীতিহে গ্ৰহণ কৰিছে। ইউনিয়নসমূহৰ নেতৃবৃন্দই বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী, জনবিৰোধী হঠকাৰী নীতিৰ বিৰুদ্ধে ঐক্যৱদ্ধ সংগ্ৰাম তীব্ৰ কৰি তুলিবলৈ আহবান জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here